Breaking

বিয়াৰ প্ৰলোভনেৰে দুই মহীয়া অন্তসত্তা কৰিলে শুকুৰ আলীয়ে

0 2,082

চাপৰত পুনৰ এক চাঞ্চল্যকৰ ঘটনাবিয়াৰ প্ৰলোভনেৰে দুই মহীয়া অন্তসত্তা কৰিলে এজন লম্পদে । এই জনেই সেইজন লম্পট যি জনে পুৰ্বেও আৰু তিনিজনীৰ লগত কৰিছিল এনে ঘটনা । লম্পট জনৰ নাম শুকুৰ আলী । চাপৰৰ নিউ হাতিপোতাৰ মাজমজিয়াত এজনী দুখীয়া ঘৰৰ ছোৱালীক বিয়াৰ প্ৰলোভন দি শাৰীৰিক সৰ্ম্পক  গঢ়ি তুলি গৰ্ভৱতী কৰিলে, সেই একেখন গাওঁৰে এই জন শুকুৰ আলী নামৰ নৰপিচাশেন্যায় বিচাৰি ভূক্তভোগীয়ে চাপৰ থানাত দাখিল কৰিলে এজাহাৰ নিতৌ ৰাজ্যত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ দৰে ঘটনা । ঠক-প্ৰৱঞ্চকৰ জালত পৰি দিশহাৰা হৈ পৰিছে বহু নাৰী। এইবাৰ বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি যুৱতীক প্ৰতাৰণা কৰাৰ এটা দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে। এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত নিউ হাতিপোতাৰ বানীয়াপাৰা ২য় খন্ড গাওঁত । এগৰাকী যুৱতীৰে প্ৰৱঞ্চনাৰে যৌন সম্পৰ্ক স্থাপন কৰি ২ মাহৰ অন্তসত্তা কৰাৰ  গুৰুতৰ অভিযোগ উত্থাপন কৰে সেই একে গাওঁৰে শুকুৰ আলী নামৰ এজন যুৱকৰ বিৰুদ্ধে। উল্লেখযোগ্য যে যুৱকজনে উক্ত ছোৱালী জনীৰ লগত প্ৰেমৰ চলনাৰে বিয়াৰ প্ৰলোভন দি শাৰীৰিক সৰ্ম্পক গঢ়ি তুলি গৰ্ভৱতী কৰে । পিছত যুৱক জনে ছোৱালী জনীৰ অন্তসত্তাৰ কথা জানিব পাৰি ছোৱালীজনীক গৰ্ভপাত কৰাৰ বাবে টেবলেট আনি দিয়ে যদিও ছোৱালীজনীয়ে টেবলেট খাবলৈ অমান্তি হয়। ইপিনে শুকুৰ আলী নামৰ যুবকজনে বেলেগ এজনী ছোৱালীৰ লগত বিয়া ঠিক হোৱাৰ খবৰ পাই ভৱিষ্যত জীবনৰ কথা ভাবি ছোৱালীজনী শুকুৰ আলীৰ ঘৰত উপস্থিত হয় যদিও ঘৰত উপস্থিত হোৱাৰ লগে লগে শুকুৰ আলী আৰু তেওঁৰ পৰিয়ালৰ লোকে ছোৱালী জনীক গুৰুলাগুৰল কৈ প্ৰহাৰ কৰাৰ ফলত বেয়াকৈ ৰক্তপাত হবলৈ আৰম্ভ কৰে। অৱশেষত উপায়হীন হৈ ছোৱালীজনী আৰু তাইৰ  পৰিয়ালে ন্যায় বিচাৰি চাপৰ থানাত এখন এজাহাৰ দাখিল কৰা দেখা যায়।

Leave A Reply