Breaking

SI কেলেংকাৰীৰ চিবিআই তদন্ত ঘোষণা কৰি টিংখাঙক কলংক মুক্ত কৰাৰ দাবীত ধাৰাবাহিক আন্দোলনৰ ঘোষণা

0 2,023

ৰাজ্য কঁপোৱা SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত আৰু টিংখাঙৰ কলংক মোচন কৰাক লৈ ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰিছে  টিংখাঙৰ দল সংগঠন সমূহে । আজি মৰাণস্থিত হোটেল মন্দাকিনীত সভা কক্ষত আয়োজিত এক যৌথ সংবাদ মেলৰ যোগেদি  টিংখাঙৰ দল সংগঠন সমূহে  SI কেলেংকাৰীৰ চিবিআই তদন্ত ঘোষণাৰ দাবী উত্থাপন কৰি ধাৰাবাহিক আন্দোলন কাৰ্যসূচীৰ ঘোষণা কৰে । “কা” বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ সম্পাদক বিপ্লৱ বৰুৱাই আঁত ধৰা সংবাদ মেলত চিপিআই (এম এল )ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া,ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতোপন বকলীয়াল, আদিবাসী নেচনেল পাৰ্টিৰ বাবলু গড়,ভৰত ভূমিজ , অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা আহ্বায়ক  শুভাকৰন কোহাঞি, নিপু গগৈ,  কংগ্ৰেছ দলৰ ৰমেশ চাংমাইৰ আদি উপস্থিত থকা সংবাদ মেলত এক যৌথ সংবাদ মেলত সংগঠন সমূহে কয় যে SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবী টিংখাঙৰ দল সংগঠনৰ তৰফৰ পৰা বাৰে বাৰে উত্থাপিত হোৱাৰ পিছতো দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি ঘোষনা কৰা মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোনোৱাল নেতৃত্তাধীন বিজেপি চৰকাৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । সংগঠন সমূহে মুখ্যমন্ত্ৰীৰ এই ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু তেওঁৰ ঘোষিত অবস্থানত দৃঢ় ভাবে ঠিয় দিবলৈ দাবী জনায় ।  উল্লেখ্য যে এই কেলেংকাৰীক লৈ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা তদানীন্তন স্বৰাজ অসমৰ মূখ্য আহ্বায়ক ভবেন সন্দিকৈয়ে কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত এখনি পত্ৰ দেশৰ প্ৰধান মন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছিল । উক্ত পত্ৰ খনিত তেওঁ এই কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বড়া জড়িত থকাৰ কথা উল্লেখ কৰিছে । ৩০-৯-২০২০ তাৰিখে কেন্দ্ৰীয় চৰকাৰে এই পত্ৰৰ প্ৰাপ্তি স্বীকাৰ কৰি Ministry of Personnel, Public Grievances and Pension ৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্য সচিবলৈ এই সম্পৰ্কত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৱা ৭ জানুৱাৰী ২০২১ তাৰিখে এক পত্ৰ প্ৰেৰণ কৰিছে । যিহেতু চি আই ডি বিভাগৰ  তদন্তই এই কেলেংকাৰীৰ মূল ব্যক্তি জনক চিহ্নিত কৰাত বিফল হৈছে, যিটো তেওঁলোকৰ অভিযোগনামাৰ মাজেদি প্ৰমাণ হৈছে , গতিকে এতিয়া এই কেলেংকাৰীৰ তদন্ত চি বি আইক অৰ্পণ কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে । তাৰ পিছতো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সম্পৰ্কত কোনো পদক্ষেপ গ্ৰহণ নকৰা বিষয়টো সন্দেহজনক । সংবাদ টোকাত সংগঠন সমূহে কয় যে এই কেলেংকাৰীত টিংখাঙৰ বিধায়ক বিমল বড়াৰ নাম সাঙোৰ খোৱা ঘটনাৰ মাজেদি ৰাজ্য তথা  দেশৰ সন্মুখত টিংখাং বাসী ৰাইজ লজ্জিত হৈছে । বিমল বড়াই প্ৰচাৰ কৰা দৰে টিংখাঙে আজি  হাঁহি থকা নাই টিংখাঙে আজি লাজত মুৰ তল কৰি থাকিব লগা হৈছে । এই অবস্থাৰ পৰা টিংখাং বাসীয়ে মুক্তি বিছাৰিছে আৰু সেইটো একমাত্ৰ সম্ভৱ এই কেলেংকাৰীৰ চিবিআই তদন্তৰ যোগেদি বিমল বড়াক তদন্তৰ আওতালৈ অনা । এই কলংক দুৰ কৰিবলৈ আৰু SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত সেয়ে উপস্থিত টিংখাঙৰ দল সংগঠনে এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে *প্ৰথমতে SI কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত আৰু টিংখাঙৰ বিধায়ক বিমল বড়াক তদন্তৰ আওতালৈ অনাৰ দাবীত  সমষ্টি জুৰি ব্যপক পষ্টাৰিং কৰা হব ।**দ্বিতীয়তে অহা ২ ফেব্ৰুৱাৰী ২০২১ তাৰিখে  টিংখাং চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ মাজৰে দেশৰ প্ৰধান মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰা হব ।**তৃতীয় পৰ্যায়ত ফেব্ৰুৱাৰী ৩ ৰ পৰা ১৫ ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত  সমষ্টিৰ ৫০ হাজাৰ ভোটাৰে এই কেলেংকাৰীৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰা হব ।**চতুৰ্থ পৰ্যায়ত ২১ ফেব্ৰুৱাৰী তাৰিখে  সমষ্টিত চাইকেল ৰেলী বাহিৰ কৰা হ’ব বুলি সংবাদমেলত ঘোষনা কৰে। 

Leave A Reply