Breaking

সিদ্ধাৰামাইয়াই কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা। বৃহস্পতিবাৰে হ’ব মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ…

0 49

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি কংগ্ৰেছে বিজেপিক পৰাস্ত কৰিলে। এতিয়া সকলোৰে মনত প্ৰশ্ন সৃষ্টি হৈছে কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব? কৰ্ণাটকত মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ বৃহস্পতিবাৰে (১৮ মে’) হ’ব পাৰে। মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া আৰু কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ডি কে শিৱকুমাৰৰ নাম জড়িত হৈ আছে।

দলৰ বিভিন্ন সূত্ৰৰ পৰা গম পোৱা গৈছে যে সিদ্ধাৰামাইয়াই হ’ব কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী।কংগ্ৰেছৰ সূত্ৰ অনুসৰি দলৰ নেতৃত্বই ভাবিছে যে আজি বা কাইলৈৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰি বৃহস্পতিবাৰে শপত গ্ৰহণ কৰিব লাগে। এতিয়ালৈকে যি চিন্তা-চৰ্চা কৰা হৈছে, সেই অনুসৰি এজন মুখ্যমন্ত্ৰী আৰু মাত্ৰ এজন উপ-মুখ্যমন্ত্ৰীৰ লগতে ২৪-২৫ জন মন্ত্ৰীকো একেলগে শপত গ্ৰহণ কৰিব লাগে।

Leave A Reply