Breaking

‘সিদ্ধাৰামাইয়া, শিৱকুমাৰক শান্তিৰ নবেল বঁটা দিয়া উচিত …’: তামিলনাডু বিজেপিৰ সভাপতিৰ তাৎপৰ্যপূৰ্ণ মন্তব্য…

0 75

কৰ্ণাটক বিজেপিৰ সভাপতিগৰাকীয়ে কৰ্ণাটকৰ কংগ্ৰেছ নেতা তথা ৰাজ্য খনৰ মুখ্যমন্ত্ৰী তথা উপ-মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া, শিৱকুমাৰক শান্তিৰ নবেল বঁটা দিয়া উচিত বুলি কৈছে। অৱশ্যে এইক্ষেত্ৰত তেওঁ এটা চৰ্ত বান্ধি দিছে। তামিলনাডুৰ বিজেপি প্ৰধানে কৰ্ণাটকৰ নেতৃত্বৰ ওপৰত শেহতীয়াকৈ লোৱা সিদ্ধান্তসম্পৰ্কে কংগ্ৰেছক উপহাস কৰিছে। দিনজোৰা আলোচনাৰ পিছত, কংগ্ৰেছে প্ৰবীণ চিদ্দাৰমিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰী আৰু দলৰ অনুগত ডি কে শিৱকুমাৰক উপ মুখ্যমন্ত্ৰী হিচাপে গঢ়ি তোলে।

কংগ্ৰেছক আক্ৰমণ কৰি তামিলনাডু বিজেপিৰ সভাপতি অন্নমালাই কয় যে যদি শিৱকুমাৰ আৰু সিদ্ধাৰামাইয়াই ২০২৪ চনলৈকে কাজিয়া নকৰাকৈ থাকে তেন্তে তেওঁলোকক শান্তিৰ ন’বেল বঁটা দিয়া উচিৎ। উল্লেখ্য বহু আলোচনা-বিলোচনাৰ অন্তত কৰ্মাটকৰ মুখ্যমন্ত্ৰী হিচাবে সিদ্ধাৰামায়াইক বাছনি কৰা হৈছে। মুখ্যমন্ত্ৰী পদৰ প্ৰৱল দাবীদাৰ আছিল চিকে শিৱকুমাৰো। কিন্তু দলে তেওঁক মুখ্যমন্ত্ৰীৰ সলনি উপ-মুখ্যমন্ত্ৰীৰ পদহে দিছে। বিজেপিয়ে ধাৰণা কৰিছে যে এই কথাকলৈয়েই শিৱকুমাৰ আৰু সিদ্ধাৰামায়াইয়াৰ মাজত শীঘ্ৰে কাজিয়া লাগিব। সেই বাবেই কৰ্ণাটক বিজেপিৰ সভাপতিগৰাকীয়ে ২০২৪লৈ শিৱকুমাৰ-সিদ্ধাৰামায়াৰ কাজিয়া নলগাকৈ থাকিলে তেওঁলোকক শৈান্তিৰ ন’বেল বঁটা দিয়া উচিৎ বুলি কটাক্ষ কৰিছে।

অন্নমালাই এইবুলিও ভৱিষ্যতবাণী কৰিছে যে কৰ্ণাটকৰ দুয়োগৰাকী নেতাৰ মাজৰ কাজিয়াৰ বাবেই অহা বছৰ ৰাজ্য খনত কংগ্ৰেছ চৰকাৰৰ পতন ঘটিব।উল্লেখ্য শেহতীয়াকৈ সিদ্ধাৰামাইয়াৰ এক জাকজমকতাপূৰ্ণ অনুষ্ঠানত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁৰ লগতে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে উপ মুখ্যমন্ত্ৰী হিচাপে আৰু আঠজন বিধায়কে বাংগালুৰুৰ শ্ৰী কণ্টেৰাভা ষ্টেডিয়ামত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

Leave A Reply