Breaking

প্ৰয়াত কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ মাতৃ গৰ্ভৱতী, মাৰ্চত পৰিয়াললৈ আহিব নতুন আলহী…

0 90

প্ৰয়াত কণ্ঠশিল্পী শুভদীপ সিং সিদ্ধু ওৰফে সিধু মূছেৱালাৰ হত্যাকাণ্ডই সকলোকে স্তম্ভিত কৰি তুলিছিল। এতিয়া দুবছৰৰ পাছত কণ্ঠশিল্পীগৰাকীৰ পৰিয়ালক লৈ এটা ডাঙৰ দাবী উত্থাপন হৈছে। কোৱা হৈছে যে কণ্ঠশিল্পীগৰাকীৰ মাতৃ গৰ্ভৱতী। ২০২২ চনৰ মে’ মাহত সিদ্ধু মূছেৱালাৰ থাৰ গাড়ীত গুলীচালনা কৰা লোকে ৩০ টাতকৈও অধিক গুলীচালনা কৰিছিল। এই দুৰ্ঘটনাত ১৯টাতকৈও অধিক গুলীত আঘাতপ্ৰাপ্ত হয় তেওঁৰ। এক প্ৰতিবেদন অনুসৰি সিদ্ধু মূছেৱালাৰ মাতৃ চৰণ কৌৰ গৰ্ভৱতী। তেওঁৰ প্ৰসৱও মাৰ্চ মাহত হ’ব। সিদ্ধুৰ ককাক চামকৌৰ সিঙে এই তথ্য প্রতিবেদনত দিছে৷ লগতে কোৱা হৈছে যে চৰণ কৌৰে আইভিএফৰ জৰিয়তে মাতৃ হ’বলৈ গৈ আছে। সিদ্ধু আছিল মাক-দেউতাকৰ একমাত্ৰ সন্তান। আনহাতে এতিয়ালৈকে গায়িকাগৰাকীৰ পিতৃ-মাতৃয়ে এই বিষয়ত কোনো বিবৃতি প্ৰকাশ কৰা নাই।


২০২২ চনৰ ২৯ মে’ত সিদ্ধু মুছেৱালাক হত্যা কৰা হৈছিল, তেতিয়া তেওঁৰ বয়স মাত্ৰ ২৮ বছৰ আছিল। অনুৰাগীৰ অতি জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। বহু চেলিব্ৰিটিয়েও সিদ্ধু মূছেৱালাৰ হত্যাকাণ্ডক লৈ শোক প্ৰকাশ কৰে।


Leave A Reply