Breaking

বিশ্বজুৰি কমি আহিছে পুৰুষৰ শুক্ৰাণু;মানৱজাতিৰ প্ৰতি ভাবুকি!

0 129

বিশ্বজুৰি হ্ৰাস পাইছে শুক্ৰাণুৰ সংখ্যা৷ এই  ভাষ্য আগবঢ়াইছে এটি গৱেষণা সংস্থাই৷ সংস্থাটোৱে কৈছে যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বত পুৰুষৰ শুক্ৰাণু কমি আহিছে৷ ইয়াক অতি গুৰুত্বপূৰ্ বুলি তেওঁলোকে আখ্যা দিছে৷

মঙলবাৰে হিউমেন ৰিপ্ৰডাকচন আপডেট নামৰ এখন জাৰ্ণালত এই গৱেষণাটো প্ৰকাশ হৈছে৷ গৱেষণাটোত ৫৩ খন দেশক সাঙুৰি লোৱা হৈছে৷

উলা্লেখ্য যে শুক্ৰাণুৱে কেৱল প্ৰজনন ক্ষমতাই নহয়, পুৰুষৰ স্বাস্থ্যও নিয়ন্ত্ৰণ কৰে৷ যদি নিম্ন হাৰত শুক্ৰাণু থাকে, তেন্তে নানা ধৰণৰ অসুখ, ডিম্বাশয়ৰ কেঞ্চাৰ আৰু আয়ুস কমাৰ দৰে অথন্তৰে দেখা দিব পাৰে৷

সংস্থাটোৱে বিশ্বজুৰি শুক্ৰাণু কমি অহাৰ বিষয়ে কয় যে ই এটা গোলকীয় সমস্যা৷ এই সমস্যা আধুনিক জীৱনযাত্ৰা আৰু পৰিৱেশৰ ফলত উদ্ভৱ হৈছে৷

আনহাত, ভাৰতৰ বিষয়ে বিশেষভাৱে উল্লখ কৰি গৱেষণাটোত কোৱা হৈছে দেশখনত ইয়াক গভীৰভাৱে দেখা পোৱা গৈছে৷ এগৰাকী গৱেষক হাগাই লেভিনে কয় যে ভাৰতত লাভ কৰা নিৰ্ভৰৃযোগ্য তথ্য অনুসৰি, দেশখনত অত্যন্ত শক্তিশালীভাৱে শুক্ৰাণুৰ সংখ্যা হ্ৰাস পাব ধৰিছে৷

গৱেষকগৰাকীয়ে কয় যে এয়া মানৱজাতিৰ অস্তিত্বৰ বাবেই এটা ভাবুকিস্বৰূপ৷ সেয়ে বিশ্বজুৰি এই সম্পৰ্কে ব্যৱস্থা লোৱাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে৷

Leave A Reply