Breaking

চিলাপথাৰ-চেঙাজানত চাৰিদিনীয়াকৈ উলহমালহেৰে ষট্ পূজা পালন

0 77

আন বছৰৰ দৰে এই বছৰতো চিলাপথাৰ হায়াৰ চেকেণ্ডেৰী স্কুল পথত থকা ভোজপুৰী ৰাইজৰ ষট পূজা মণ্ডপৰ লগতে লিকাবালি পথৰ কৃষ্ণমন্দিৰ ষট পূজা স্হলীত উলহমালহেৰে ভোজপুৰী সমাজে চাৰি দিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে ষট পূজা।

চেঙাজান গোৱালা গাঁৱৰ ভোজপুৰী সম্প্ৰদায়ৰ ৰাইজে উলহ মালহেৰে ষট্ পূজা পালন কৰে। চেঙাজান ষট্ পূজা সমিতিৰ উদ্যোগত ষট্ পূজাৰ উৎসৱ এইবাৰ কাতি মাহৰ শুক্ল পক্ষৰ চতুৰ্থ তিথি অৰ্থাৎ শুকুৰবাৰৰ পৰা চাৰিদিনীয়াকৈ লালী, ব্ৰহ্মপুত্ৰ, বুঢ়ীসূঁতি নদীৰ সংগমস্থলীত আয়োজন কৰিছে।মহিলাসকলে তেওঁলোকৰ সন্তানৰ দীৰ্ঘায়ু আৰু সুখী জীৱনৰ বাবে সূৰ্য দেৱতা আৰু ছঠী মাতৃক উপাসনা কৰি উদীয়মান আৰু অস্ত যোৱা সূৰ্যক অৰ্ঘ্য আগবঢ়ায়। চেঙাজান ষট্ পূজা সমিতিৰ সভাপতি চন্দন মালা আৰু নিৰঞ্জন মালাই ষট্ পূজা সন্দৰ্ভত কয় কাতি মাহৰ শুক্ল ষষ্ঠী তিথিত ষট্ পূজা উদযাপন কৰা হয় বাবেই এই উৎসৱটোক সূৰ্য ষষ্ঠী বুলি কোৱা হয়।

ষট্ উৎসৱ ভাৰতৰ আন প্ৰদেশৰ লগতে অসমতো বিহাৰী সম্প্ৰদায়ৰ লোকে অতি উলহ–মালহ আৰু আনন্দেৰে উদযাপন কৰিছে। ষট্ পূজাত ছঠী মাতৃ আৰু সূৰ্য দেৱতাক উপাসনা কৰা হয়। ঋকবেদৰ শ্লোকসমূহত সূৰ্য বন্দনাৰ স্পষ্ট নিদৰ্শন আছে। ভাৰতীয় সভ্যতাৰ লগতে গ্ৰীক, ৰোমান, ইজিপ্ট আদিৰ সভ্যতা সমূহতো সূৰ্য মুখ্য দেৱতা আছিল। সেইদৰে ঊষায়ো বৈদিক দেৱী।

বেদত উল্লেখ থকা মতে তেওঁ হৈছে পুৱাৰ দেৱী আৰু অশ্বিন সকলৰ মাতৃ। অগ্নি, সোম আৰু ইন্দ্ৰ আদি দেৱতাসকলৰ পিছত তেঁৱে হৈছে আটাইতকৈ উল্লেখযোগ্য বৈদিক দেৱী। ৰাত্ৰি হৈছে তেওঁৰ ভগ্নী যিয়ে হয়তো পিছলৈ পৌৰাণিক যুগত সন্ধ্যা আৰু ছায়া ৰূপত কল্পয়িত কৰা হ’ল। ৰামায়ণত উল্লেখ থকাৰ মতে ৰামৰ কুলদেৱতা সূৰ্যৰ বাবে ৰাম আৰু সীতায়ে এই পূজা কৰিছিল।

মহাভাৰতত উল্লেখ থকাৰ মতে দ্ৰৌপদীয়ে ধম্য ঋষিৰ উপদেশ মতে সূৰ্যক আৰাধনা কৰি অক্ষয় পাত্ৰ লাভ কৰিছিল। লগতে মহাবীৰ কৰ্ণয়ে কঁকাললৈকে পানীত সোমাই সূৰ্য উপাসনা কৰা উল্লেখ আছে। আজিও ষট্ পূজা উদযাপন কৰা সকলে কঁকালৰ লৈকে পানীত নামি সূৰ্য বন্দনা কৰা দেখা যায়। আন এক আখ্যান মতে পাণ্ডুয়ে ঋষি হত্যাৰ পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে পত্নী কুন্তী আৰু মাদ্ৰীৰ লগত বনত থাকোঁতে পুত্ৰ প্ৰাপ্তিৰ বাবে সৰস্বতী নদীৰ পাৰত সূৰ্য উপাসনা আৰু ব্ৰত কৰিছিল।

পুৰাণৰ মতে প্ৰথম মনু প্ৰিয়বতৰ কোনো সন্তান নাছিল। সেয়ে তেওঁৰ পিতৃ কাশ্যপ মুনিয়ে পুত্ৰেষ্ঠী যজ্ঞ কৰিবলৈ পৰামৰ্শ দিলে। ইয়াৰ ফলত তেওঁৰ ঘৈণী মালিনীয়ে মৃত পুত্ৰ এটি জন্ম দিলে। মৃত শিশু দেখি তেওঁলোকে বিলাপ কৰি থাকোঁতে আকাশৰ পৰা এগৰাকী দিব্য কন্যা প্ৰকট হ’ল। তেওঁ নিজকে ব্ৰহ্মাৰ মানস পুত্ৰী বুলি চিনাকি দিলে আৰু মৃত পুত্ৰক স্পৰ্শ কৰাৰ লগে লগে সি জী উঠিল। এতিয়াও ঊষা দেৱী বা ছঠি মাইয়াৰ মূৰ্তি কোলাত কেঁচুৱালৈ থকা অৱস্থাত কল্পনা কৰা হয় আৰু পুত্ৰ প্ৰাপ্তিৰ বাবে ব্ৰত উপাসনা কৰা হয় বুলি বক্তব্য আগবঢ়ায়।

Leave A Reply