গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰলৈ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ সদিচ্ছাত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম মুকলি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰলৈ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ সদিচ্ছাত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম মুকলি। অধ‍্যাপক মহন্ত শিৱসাগৰৰ সন্তান হোৱাৰ সুবাদতে এনে ঐতিহাসিক পদক্ষেপ সম্ভৱ হোৱা বুলি ইতিহাসবিদ ড⁰ দয়ানন্দ বৰগোহাঁই আৰু ড⁰ নিত‍্যানন্দ গগৈয়ে ভূয়সী প্ৰশংসা কৰে। ড⁰ গগৈয়ে মঞ্চতে মুকলিকৈ ইতিহাস ফঁহিয়াই কয় পূৰ্বতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আহোম সম্প্ৰদায়ৰ হৈয়ো আৰু সুযোগ থকাৰ পাছতো আহোমৰ ছয়শ বছৰীয়া ইতিহাস সংৰক্ষণৰ বাবে বিশেষ সুযোগ ল’ব নোৱাৰিলে। এনে ক্ষেত্ৰত মাত্ৰ অধ্যাপক মহন্ত সফল হ’ল বুলি দাবী কৰে।

ড⁰ বৰগোহাঁইয়ে উল্লেখ কৰে ড⁰ মহন্তৰ শিৱসাগৰৰ ঘৰত সত্ৰ আছে, সকলোৱে সন্মান কৰে, এসময়ত আহোমৰ উচ্চ বিষয়া সকলে টেপৰতলৰ সত্ৰতে শৰণ লৈছিল। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে ইতিহাসবিদ পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকনদেৱ, উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, অধ্যাপক ধ্ৰুৱ প্ৰতিম শৰ্মা, বিশিষ্ট শিক্ষাবিদ ড⁰ দয়ানন্দ বৰগোহাঁই, ড⁰ বিজু মৰাণ, ড⁰ নিত্যানন্দ গগৈ সমন্বিতে অধ্যাপক, গৱেষক তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

Related Articles