Breaking

ড০ উত্তম দাস লৈ ‘চিলাপথাৰ ৰত্ন বঁটা’…

0 24

ড০ উত্তম দাস লৈ ‘চিলাপথাৰ ৰত্ন বঁটা’ 

সাৰথি চতুৰ্থ বাৰ্ষিক অধিবেশনৰ প্ৰস্তূতি 

ধেমাজি জিলাৰ বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ অগ্ৰনী স্বেচ্ছাসেৱক অনুষ্ঠান ‘সাৰথি’ স্বেচ্ছাসেৱী সংস্থাৰ চতুৰ্থ বাৰ্ষিক সাধাৰণ অধিবেশনখনি দিনজোৰা কাৰ্যসূচীৰে অহা ৩০ ডিচেম্বৰ তাৰিখে চিলাপথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। অধিৱেশনৰ বাবে এতিয়া দিনে নিশাই অব্যাহত ৰাখিছে প্ৰস্তূতিৰ কাম। ইতিমধ্যেই পতাকা বেদী, শ্বহীদ বেদীৰ লগতে বিভিন্ন কাম-কাজ প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে। বিভিন্ন সমযত আৰ্তজনৰ কাষত থিয় দিয়া সাৰথিয়ে এইবাৰ অধিৱেশনৰ লগত সংগতি ৰাখি ৪ গৰাকী ব্যক্তি ক্ৰমে – দাপোন ভাষাৰ গৱেষক ড০ উত্তম দাস (চিলাপথাৰ ৰত্ন বঁটা)

উষা বুঢ়াগোহাঁই (কবি বন্ধু বঁটা), গোপাল চন্দ্ৰ দেব (সাৰথি শৈক্ষিক বঁটা) আৰু নৃপেন বৰঠাকুৰক (সাৰথি সাংকেতিক বঁটা) প্ৰদান কৰাৰ লগতে জিলা খনৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য সেৱা আগবঢ়োৱাৰ ১৭ জন কৈ সমাজকৰ্মী, শিক্ষাবিদ, বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা জনোৱা হ’ব। কাৰ্যসূচী মৰ্মে পুৱা  সামূহিক চাফাই অভিযানেৰে আৰম্ভণি হোৱা কাৰ্যসূচীত বৃক্ষৰোপণ , সাৰথি পতাকা উত্তোলন কৰিব সাৰথি ৰ সভানেত্ৰী অমিলতা টায়ে মিলি, স্মৃতি তৰ্পণ কৰিব

সচিব মনোজ কুমাৰ দাসে, প্ৰতিনিধি নাম পঞ্জীয়ন কৰিব প্ৰসেনজিৎ নমশুদ্ৰ ই, সন্ধিয়া দিহা নাম প্ৰৰ্দশন, প্ৰয়াত সাৰথি উপদেষ্টা কুমুদ চন্দ্ৰ দত্তলৈ শ্ৰদ্ধাঞ্জলি, সন্ধিয়া ৬ বজাত সাৰথিৰ মুখপত্ৰ ‘সাৰথি বাৰ্তা’ উন্মোচন কৰিব বিশিষ্ট সাংবাদিক মৃদুপৱন চুতীয়াই, সন্ধিয়া ৭ বজাত আদৰনী সমিতিৰ সভাপতি ভুবন দাসৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাত অঞ্চলটোৰ দল সংগঠনৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকিব। অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আদৰনী সমিতিয়ে।

শম্ভু দাস চিলাপথাৰ

Leave A Reply