Breaking

চিলাপথাৰত সতী জয়মতী স্মৃতি দিৱস উদযাপন…

0 1,339

অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালিৰ  মাদুৰিপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনৰ লাচিত ক্ষেত্ৰত মাদুৰিপথাৰ মহিলা সমাজ আৰু ধেমাজি জিলা লেখিকা সমাজৰ যৌথ উদ্যোগত  আজি  চতুৰ্থ বাৰ্ষিক সতী জয়মতী স্মৃতি দিৱস উদযাপন কৰে | কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত সামূহিক চাফাই কাৰ্যসূচী আঁত ধৰে  জানমনি গগৈ আৰু মাদুৰিপথাৰ মহিলা সমাজে , ৮ বজাত পতাকা উত্তোলন  কৰে উদযাপন সমিতিৰ সভানেত্ৰী চুনুমনি বৰুৱাই , ৮-৩০ বজাত শ্বহীদ তৰ্পন কৰে ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈয়ে , ৯ বজাত লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা চাও দুলাল বৰুৱাই , ৯.৩০ জয়মতীৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে চিলাপথাৰ মজলীয়া বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সোনপাহি ফুকনে , ১০ বজাত জয়মতীৰ ফলক উন্মোচন কৰে মাদুৰিপথাৰ মহিলা সমাজৰ সম্পাদিকা যোগ গগৈয়ে , ১০.৩০ বজাত স্বৰ্গীয়া কল্পনা শইকীয়াৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান , আঁত ধৰে মাদুৰিপথাৰ মহিলা সমাজে , ১১.৩০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন  কৰে ধেমাজি জিলা লেখিকা সমাজৰ সভানেত্ৰী জয় জ্যোতি চুতীয়াই , ১২ বজাত চিলাপথাৰ ভক্তি মন্থন দিহা নাম দলৰ মঞ্চ উদ্ধোধনৰ পাাাছতেই  ১২.৩০ বজাৰ পৰা মুকলি সভাখনিত সভাপতিত্ব কৰে খনামুখ হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীন লাহনে , সভাখনি উদ্ধোধন কৰে অসম লেখিকা সমাজৰ উপসভানেত্ৰী ঊষা বৰগোহাঁয়ে, নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক  চিত্ৰ বৰগোহাঁই |

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নীলিমা গগৈ , কুঞ্জ বৰা , কুমুদ ৰাজখোৱা , লক্ষেশ্বৰ গগৈ , বিখেশ্বৰ বৰুৱা , কমল শৰ্মা , শুভকান্ত বৰা, দিবাকৰ নাথ , ৰাজেশ নাথ , প্ৰৱিত্ৰ গগৈ , লক্ষীকান্ত নাথ , কুলধৰ গগৈ  , দিন গগৈ , ভদ্ৰ কুমাৰ গগৈ , আনন্দৰাম দাধৰা আৰু নন্দকিশোৰ গুপ্তা | আমন্তিত অতিথি হিচাপে উপস্থিত থাকে জিতু দত্ত , ভূৱন দাস , জোনাকী প্ৰধান , গৌতম কৃষ্ণ গোস্বামী , জেউতি ভূঞা দেউৰী , ৰোহিত প্ৰধান , কৃষ্ণ উপাধ্যায় , বিনোদ শৰ্মা , বীৰু প্ৰধান , গোপাল প্ৰধান , ধনীৰাম বৰা , দীপক দত্ত  , বিনোদ ছেত্ৰী , বাসুদেৱ দুলাল , ৰাজীৱ গগৈ | বিভিন্ন  গীত , নৃত্য প্ৰদৰ্শনেৰে অনুষ্ঠানটি উপভোগ্য কৰি তোলে । সন্ধ্যা ৫ বজাত জয়া প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন  কৰে  দময়ন্তী গগৈ , শকুন্তলা ৰাজখোৱা , বুদ্ধেশ্বৰী বৰুৱা , অঞ্জনা ৰায় , মইনা ফুকন , অনিমা চেতিয়া , বিজু কাকতি আৰু অঞ্জু বৰাই তেখেত লোকক সহযোগ  কৰে মাদুৰিপথাৰ মহিলা সমাজে | এই স্মৃতি দিৱস কাৰ্যসূচীৰ বিশেষ আকৰ্ষন হিচাপে  গোগামুখৰ পল্লৱী চমুৱা আৰু গীতাৰ্থী শইকীয়াৰ নৃত্য প্ৰদৰ্শন লগতে বৰদলনিৰ কল্ল্যানী চাংমাইৰ কণ্ঠত সুমধুৰ কবিতা আবৃত্তি 

Leave A Reply