Breaking

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত ব্যতিক্ৰমী ৰূপত স্বাধীনতা দিৱস উদযাপন

0 1,554

চিলাপথাৰৰ অন্যতম শিক্ষানুষ্ঠান চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আজি উলহ মালহেৰে উদযাপন কৰে দেশৰ ৭৬ তম স্বাধীনতা দিৱস । পুৱা ৮ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড ৰঞ্জিত শইকীয়াই পতাকা উত্তোলন কৰাৰ পাছতেই বিদ্যালয়ৰ ছাত্র – ছাত্ৰী সকলৰ দ্বাৰা নিৰ্বাচিত দেশপ্ৰেমমূলক নৃত্য গীতৰে এটি ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হয়।

ইয়াৰ পাছতেই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী , শিক্ষক- কৰ্মচাৰী , অঞ্চলৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰে প্ৰায় দুই সহস্ৰাধিকে লোকে মহাবিদ্যালয়ৰ তৰফৰ পৰা উলিওৱা এক চাইকেল ৰেলিত অংশগ্ৰহণ কৰে । মহাবিদ্যালয়ৰ গেটৰ পৰা চিলাপথাৰ নগৰ হৈ কাংকান নগৰেদি জোনাই লিংক ৰ’ড হৈ গান্ধী নগৰেদি প্ৰায় ১৫ কিলোমিটাৰ পথেৰে পুনৰ মহাবিদ্যালয়ত এই ৰেলিৰ সামৰণি পৰে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনত আৰু বহুকেইটা ব্যতিক্ৰমী অনুষ্ঠানৰো আয়োজন কৰা দেখা যায় ।

Leave A Reply