Breaking

ওদালগুৰি জিলা পানেৰীত মমবাতি জ্বলাই মৌন সমদল।

0 2,032

 উল্লেখ্য যে বিটিআৰ বাক্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰৰ একৰাকী ২২ বছৰীয়া যুৱতীক ৩ জনকৈ নৰপিশাচে দলবদ্ধভাৱে ধৰ্ষণ কৰি যুৱতীগৰাকীক হত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰী তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি কৰিছিল।পৰিপেক্ষিতত বৰ্তমানেও  ধৰ্ষণকাৰীৰ বিৰুদ্ধে বিভিন্ন ঠাইত অব্যাহত আছে প্ৰতিবাদী  কাৰ্যসূচী। ঘটনাসন্দৰ্ভত এতিমধ্যে জঘন্য ধৰ্ষণকাৰী লগতে হত‍্যাকাণ্ডটোৰ  লগত জড়িত তিনিজন মূল অভিযুক্ত যুৱক ক্ৰমে জনচন বান্দ, অভিজিত তিৰ্কী আৰু ডেচলিন খাল্কোক বৰবৰী আৰক্ষী আৰু বাগানপাৰা আৰক্ষীয়ে যুটীয়া অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে যদিও দোষীক দৃষ্টান্তমূলক সাস্তি প্ৰদান কৰা হোৱা নাই সংশ্লিষ্টত নিৰ্মম-জঘন্য কাণ্ডৰ দোষীয়ে যাতে কোনো প্ৰকাৰে পুনৰ মুকলি আকাশৰ তলত ওলাই আহিব নোৱাৰে তাৰবাবে ৰুচিতা এক্কাৰ পৰিয়ালৰ লগতে অঞ্চলবাসী তথা বিভিন্ন দল-সংগঠনে কৰযোৰে চৰকাৰক অনুৰোধ জনায়। আনহাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি আৰু পানেৰী আঞ্চলিক সমিতি, আছাৰ যৌথ উদ‍্যোগত ২৭ অক্টোবৰ বুধবাৰে সন্ধিয়া হাতত মমবাতি লৈ এক বিশাল মৌন শান্তি সমদলেৰে পানেৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা কচুবিল চ’কৰ মাজমজিলৈকে ৰেলীৰ জৰিয়তে ৰুচিতা এক্কাৰ আত্মাৰ শান্তি কামনাৰ লগতে তেওঁ লগত সংঘটিত হোৱা জঘন্য কাণ্ডৰ উচিত ন‍্যায় বিচাৰি চৰকাৰক   দাবী জনোৱাৰ লগতে সমগ্র ঘটনাটোক তীব্ৰ গৰিহণা প্ৰদান কৰে। উক্ত ৰেলীত উপস্থিত দল-সংগঠনৰ বিষয়ববীয়া তথা নেতাকৰ্মীসকলে এই জঘন্য ঘটনাৰটোৰ লগত জড়িত যুৱক কেইজনক ফাষ্ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনায়। লগতে এই ধৰ্ষণ কাণ্ডৰ দৰে ঘটনাবোৰ ৰোধ কৰিবলৈ হলে শাস্তি হিচাবে চৰকাৰ তথা দেশৰ ন‍্যায়িক ব‍্যৱস্থাই একমাত্ৰ ফাঁচী দিয়া ব‍্যৱস্থা কৰিলেহে কিছু পৰিমাণে এনেবোৰ ঘটনা হ্ৰাস পোৱাৰ আশা কৰিব পাৰি বুলি মন্তব্য কৰে ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি খগেন তাঁতীয়ে। আনহাতে ধৰ্ষণৰ বলি হৈ মৃত্যুক সাবটিবলগীয়া হোৱা ২২ বছৰীয়া ৰুচিতা এক্কাৰ আত্মাৰ লগতে তেওঁৰ পৰিয়ালে যদি উচিত ন‍্যায় নাপাই তথা দোষীক ফা‍ঁচী কাঠত মৃত্যুদণ্ড নিদিয়ালৈকে বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলন-প্ৰতিবাদৰ কেতিয়াও অন্ত নপৰিব বুলি স্পষ্ট কৰি কয় পানেৰী আঞ্চলিক সমিতি, আছাৰ সাধাৰণ সম্পাদক তিলক ৰৌচন বাৰাই। বুধবাৰৰ সন্ধিয়াৰ হাতে-হাতে মমবাতি জ্বলাই কৰা বিশাল মৌন শান্তি সমদল কাৰ্যসূচীত উপস্থিত থাকে ক্ৰমে, ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি খগেন তাঁতী, যুটীয়া সম্পাদক লক্ষীন্দৰ মূলা, পানেৰী আঞ্চলিক সমিতিৰ সভাপতি ৰাজা এক্কা, সম্পাদক তিলক ৰৌচন বাৰা, সাংগঠনিক সম্পাদক প্ৰদীপ তাঁতী, শিক্ষা সম্পাদক বিকাশ তাঁতীৰ লগতে আৱা’ৰ সদস্যা বৃন্দ। অসম উড়িয়া যুৱ পৰিষদ জিলা সমিতিৰ সভাপতি সুৰেন বাগ আৰু সমাজ সেৱক জিতেন শৰ্মাৰ লগতে বহুতো সাধাৰণ ৰাইজ।

Leave A Reply