চিলাপথাৰ টাউন কলেজ আৰু চিলাপথাৰ টাউন চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰূপালী সমাৰোহৰ প্ৰস্তুতি তুঙত উঠিছে। জনাই সমষ্টিৰ বিধায়ক ভূবন পেগুক সভাপতি আৰু অনুষ্ঠান দুখনৰ অধ্যক্ষ দ্বয় ড দিব্য দলে আৰু ইন্দ্ৰেশ্বৰ দলেক সম্পাদক ৰূপে লৈ গঠিত উদযাপন সমিতিৰ নেতৃত্বত প্ৰায় সম্পূৰ্ণ হৈ উঠিছে সমাৰোহৰ কাম। অঞ্চলটোত মানদ সম্পদ গঢ় দিয়াত নিৰন্তৰভাৱে আত্মনিয়োগ কৰি অহা অনুষ্ঠান দুখনৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰথম দিনা বিস্তৃত কাৰ্য্যসূচী অনুষ্ঠিত হব। পূৱা দুয়োখন শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সভাপতি দ্বয় তুলেশ্বৰ গগৈ আৰু দীনেশ দলেই গছৰ পুলি ৰোপন কৰি শুভাৰম্ভ কৰিব কাৰ্যসূচী। ৰূপালী জয়ন্তীৰ মুল পতাকা উত্তোলন কৰিব আয়োজক সমিতিৰ সভাপতি বিধায়ক ভূৱন পেগু আৰু সমিতিৰ দুই সম্পাদকে। ইয়াৰ পিছতে ২৪ খনকৈ পতাকাৰ উত্তোলক হিচাপে উপস্থিত থাকিব অঞ্চলটোৰ ২৪ গৰাকীকৈ বিশিষ্ট শিক্ষাবিদ,বৰেণ্য ব্যক্তি আৰু সমাজকৰ্মীয়ে। চিলাপথাৰ টাউন কলেজৰ প্ৰাক্তন সভাপতি নন্দেশ্বৰ কাছাৰী আৰু তুলেশ্বৰ গগৈয়ে শ্বহীদ তৰ্পণ কৰিব।

প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নৰ পিছতে কলেজৰ প্রতিস্থাপক সভাপতি শংখ নাথ দলে আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ ড ; শিৱনাথ পেগুৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব মাখন কামান কুলি আৰু ভিষ্মকান্ত মিলিয়ে। দুপৰীয়া মিছিং পৰিষদৰ উপাধ্যক্ষ যোগেশ্বৰ কুটুমে উদ্বোধন কৰা মঞ্চত অঞ্চলটোৰ বহু বৰেন্য ব্যক্তিক সম্বৰ্ধনা জনাব। উদীয়মান লেখিকা সৃষ্টিৰাণী টাইদে উদ্ধোধন কৰা আৰু ড: শিৱনাথ পেগুৱে সঞ্চালনা কৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড: প্ৰাঞ্জল বুঢ়াগোহাঁই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিয়লি মৰিধল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ ড: কমল গগৈয়ে উদ্ধোধন আৰু ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক ড: চন্দন শৰ্মাৰ সঞ্চলানত অনুষ্ঠিত হব লগা ” সফল জীৱনৰ বাবে সহজাত শক্তিক আৱিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা ” আৰু ” নতুন শিক্ষা নীতি__২০২০ প্ৰত্যাহ্বান আৰু সম্ভাৱনীয়তা ” শীৰ্ষক আলোচনা সত্ৰত মিছিং পৰিষদৰ মুখ্য কাৰ্যবাহী পৰমানন্দা চায়েঙীয়া আৰু মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দীপক দলে উপস্থিত থাকিব।

ইয়াৰ পিছতে কুইজ প্ৰতিযোগিতাৰ বঁটা বিতৰণী পৰ্ব আৰম্ভ হব। সন্ধিয়া মিছিং পৰিষদৰ সদস্য কনক দিলেই উদ্বোধন কৰা সংস্কৃতিক মঞ্চত স্বনামধন্য শিল্পী তৰাৱতি বৰি মিলিৰ লগতে চৈতন্য চান গগৈ,নৱ নৰেশ পেগু,খগেন পেগু,অতুল টায়ে,চয়নিকা জীমে আৰু দেৱ পেগুৱে অনুষ্ঠান পৰিবেশন কৰিব। অন্তিম দিনটোত চিচি বৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱ পেগুৱে উদ্ধোধন কৰিব সংস্কৃতিক শোভাযাত্ৰা। ইয়াৰ পিছতে বিধায়ক ভূৱন পেগুৰ সভাপতিত্বত আৰু সাংসদ প্ৰদান বৰুৱাই উদ্বোধন কৰা মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মুৰ্কংচেলেক কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: হৰকান্ত পেগুৱে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ড : ৰিনোজ পেগু মুখ্য অতিথি,প্ৰাক্তন বিধায়ক ফণিৰাম তায়েং,ড: দেবিৰাম পেগও, ড: বুদ্ধিন্দ্ৰ বৰুৱা,ভূপেন্দ্ৰ নাথ পেগু,ভব কান্ত দলে,নন্দেশ্বৰ কছাৰী, চাৰু চন্দ্ৰ দলে,নৰেন কুটুম, ড : লক্ষী নাথ প্ৰগো,ড: ৰঞ্জিত শইকীয়া, ড : শচীন দলে,কবিতা ডেকা,ড: ৰৌজ কুমাৰ কুটুম,টিপেশ্বৰ গগৈ আদি বহু বিশিষ্ট লোক অতিথি হিচাপে উপস্থিত থাকিব। অন্তিম দিনটোৰ সাংস্কৃতিক সন্ধিয়াৰ অতিথি সকলক হ’ল__জনপ্ৰিয় শিল্পী পাপৰি গগৈ,দুৰ্লভী দলে আৰু লি: বাং দ্যা বেণ্ড পাৰ্টীৰ সদস্য সকলক। বিশাল অনুষ্ঠান সফল কৰি তুলিবলৈ সকলোকে সহযোগ কৰিবলৈও আয়োজক সমিতি যে আহ্বান জনাইছে।
শম্ভু দাস চিলাপথাৰ
ধেমাজি অসম