Breaking

জালকুছি কীত্তৰ্ন নামঘৰৰ বাৰ্ষিক সভাৰ ৰূপালী জয়ন্তী আৰম্ভ: ধৰ্মীয় শোভাযাত্ৰাৰে অঞ্চলজুৰি মহাপুৰুষ মাধৱদেৱক স্মৰণ

0 53

নলবাৰী জিলাৰ বাঁহজানীৰ অন্তৰ্গত বুদ্ৰুকুছি গাঁৱত স্থাপিত তথা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰপেটা সত্ৰৰ ৰীতি নীতিৰে পৰিচালিত ‘জালকুছি কীত্তৰ্ন নামঘৰ’ৰ তিনিদিনীয়াকৈ আয়োজন কৰা বাৰ্ষিক সভাৰ ৰূপালী জয়ন্তীৰ আজি প্ৰথমদিন৷

পুৱা নাম প্ৰসংগৰ পিছত ৰূপালী জয়ন্তী উদ্‌যাপন সমিতিৰ সভাপতি চবিন চন্দ্ৰ বৈশ্যই সভাৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানটোতে অঞ্চলটোৰ ২৫ গৰাকী বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫ খনকৈ পতাকা উত্তোলন কৰা হয়৷

পুৱা ১০ বজাত মহাপুৰুষ জনাৰ অমৰ সৃষ্টি কীত্তৰ্ন লৈ কৰা ধৰ্মীয় শোভাযাত্ৰাত অঞ্চলটোৰ কেইবাশতাধিক পুৰুষ-মহিলাই ধৰ্মীয় সাজপাৰ পৰিধান কৰি অংশগ্ৰহণকৰি অঞ্চলবাসী ৰাইজক আপ্লুত কৰি তোলে৷

ইফালে, সন্ধিয়াৰ ভাগত নাগাৰা নামৰ শিল্পী সুভাষ নাথ আৰু বিনয় ৰাজকুমাৰে নাগাৰা নাম পৰিৱেশন কৰে৷

Leave A Reply