Breaking

২০১৭ চনৰ পৰা উত্তৰ প্ৰদেশৰ এনকাউণ্টাৰত নিহত ১৮৩ জন অপৰাধী…

0 53

যোগী চৰকাৰৰ ছবছৰত উত্তৰ প্ৰদেশ আৰক্ষীৰ এনকাউণ্টাৰত নিহত ১৮৩ জন অপৰাধী। উত্তৰ প্ৰদেশ চৰকাৰে প্ৰকাশ কৰিলে এই তথ্য। ইউ পি আৰক্ষীৰ তথ্য অনুসৰি ২০১৭ চনৰ মাৰ্চ মাহৰ ১৮৩ জন অপৰাধী নিহত হৈছে।

পিটিআইক জনোৱা মতে, ২০১৭ চনৰ ২০ মাৰ্চৰ পৰা ৰাজ্যখনত আৰক্ষীৰ এনকাউণ্টাৰত ১৮৩ জন অপৰাধীক গুলীয়াই হত্যা কৰা হৈছে।কিন্তু চৰকাৰ আৰু বিৰোধীৰ সমতাসমূহৰ সমালোচকসকলে এই এনকাউণ্টাৰসমূহৰ বহুকেইটা “ভুৱা” বুলি অভিযোগ উত্থাপন কৰি তথ্যসমূহ উলিয়াই আনিবলৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ইউ পি চৰকাৰ আৰু আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰি কয় যে ২০১৭ চনত বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰা আইন-শৃংখলাৰ উন্নতি হৈছে৷

Leave A Reply