Breaking

মুম্বাইত প্ৰতিষ্ঠিত অসমীয়া সংগীত শিল্পী অনুৰাগ শইকীয়াক ছাত্ৰসন্থাৰ ‘বৰপেটা বঁটা’ প্ৰদান ৷

0 129

উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্য জুৰি অসমীয়াই পালন কৰিছে ৰঙালী বিহু ৷ ৰঙালীৰ ৰঙত উচাতন অসমীয়াই ভিন্ন স্থানত আয়োজন কৰিছে ৰঙালী বিহুৰ ৷ সত্ৰনগৰী বৰপেটাতো আজি স্থানীয় ছাত্ৰসন্থাই পৌৰসভাৰ খেলপথাৰত আয়োজন কৰিছে মুকলি বিহুৰ ৷ বিহুৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনেৰে ৰঙালীক আদৰাৰ মাজতেই আজি পহিলা ব’হাগৰ দিনটোতে অসমৰ নৱ প্ৰজন্মৰ এগৰাকী প্ৰতিষ্ঠিত ।


সংগীত পৰিচালক অনুৰাগ শইকীয়াক ২০২২ বৰ্ষৰ ‘বৰপেটা বটা’ প্ৰদান কৰা হয় ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা ৰঙালী বিহুৰ অনুষ্ঠানৰ মাজতে আজি বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচাল আৰু বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পহিলা ব’হাগৰ পবিত্ৰ দিনটোতে সংগীত শিল্পী গৰাকীক বৰপেটা বটা প্ৰদান কৰে ৷

উল্লেখ্য যে, প্ৰতি বছৰে পহিলা ব’হাগৰ দিনটোত ৰাজ্যৰ একোগৰাকী বিশিষ্ঠ ব্যক্তিক ‘বৰপেটা বটা’ প্ৰদান কৰা হয় ৷অসমীয়া লোক সংগীতক বিশেষকৈ প্ৰজেক্ট ভূমি আৰু প্ৰজেক্ট বৰগীতৰ জৰিয়তে অসমীয়া সংগীতৰ বিশ্বমুখী যাত্ৰা আৰম্ভ কৰা অনুৰাগ শইকীয়া সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰতিভাধৰ সংগীতশিল্পী হিচাপে মুম্বাইতো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এনে এগৰাকী সংগীতশিল্পীক বৰপেটা বটা প্ৰদান কৰিবলৈ পাই নথৈ আনন্দিত হোৱা বুলি মন্তব্য কৰে বৰপেটাৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷

ইপিনে বহাগৰ প্ৰথমতো দিনতে এনেদৰে বৰপেটা বঁটা গ্ৰহন কৰি নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছে সংগীতশিল্পীগৰাকীয়ে ৷
অৱশ্যে এই বঁটাটোৰ বাবে তেও যোগ্য হয়নে সেয়া দহ বছৰ পিচতহে অনুভৱ কৰিব আৰু ইয়াৰ বাবে আৰু অধিক কষ্ট কৰিব বুলি তেও মন্তব্য কৰে ৷আনহাতে তেওৰ লগতে আন দহজনকো সংগীতৰ জগতখনত আগবঢ়াই নিয়াটোৱেই তেওঁৰ জীৱনৰ সাৰ্থকতা বুলি অনুভৱ প্ৰকাশ কৰে যুৱ সংগীতশিল্পী গৰাকীয়ে ৷

ইপিনে মুকলি বিহুৰ অনুষ্ঠানত বৰপেটাৰ বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই বিহুৰ মুখপত্ৰ ৰঙীয়াল, হিতেশ শৰ্মাৰ জীৱন জিন্দাবাদ আৰু হিৰন্ময় দেউৰীৰ কামৰূপী লোকগীতৰ সংগ্ৰহ বাঁহী নামৰ গ্ৰন্থ তিনিখন উন্মোচন কৰে ৷

Leave A Reply