Breaking

কণ্ঠশিল্পী ঝণা দিহিঙ্গীয়াৰ “পাহাৰী মন” দৃশ্য-শ্ৰাব্য’ গীতৰ উন্মোচন

0 2,061

নৱৈ দশকত বিপ্লৱী গীত গাই খলকণি সৃষ্টি কৰা চাবুৱা দিনজয় গাঁৱৰ কণ্ঠশিল্পী ঝণা দিহিঙ্গীয়াৰ সদ্য পাহাৰী মন নামৰ  দৃশ্য- শ্ৰাব্য গীতটি আজি আনুষ্ঠানিক ভাৱে চাবুৱাত উন্মোচন কৰা হয়। অজিত গগৈ আৰু বজ্ৰধৰ গগৈৰ কথা, ঝণা-ৰবীন,  ভাস্কৰ নীলিম গগৈ, অচিন্ত ফুকনৰ সুৰ, ভাস্কৰ নীলিম গগৈৰ শব্দ আৰু সংগীত পৰিচালনা কৰা  দৃশ্য শ্ৰাব্য’ গীতটি আজি  উন্মোচন কৰে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই।  চাবুৱা এন ই ই ইন্সটিটিউটৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা আৰু উক্ত ইন্সটিটিউটৰ অধ্যক্ষ প্ৰশান্ত নেওগ আৰু হিৰোজ দত্তই আঁতধৰা উক্ত উন্মোচনী সভাখনত সাহিত্যিক গুণেশ্বৰ সোণোৱালে প্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰে। উক্ত অনুষ্ঠানত  চাবুৱা শাখা সাহিত্য সভাৰ সভাপতি ভাগ্যেশ্বৰ গগৈ, শিশুবন্ধু কুলেন দাস, মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিমল বৰুৱা, চাবুৱা ডায়েটৰ প্ৰবক্তা ভূপেন দাস, অৱসৰপ্ৰাপ্ত শিক্ষক লাচিত মাউত, গোলোক বৰপাত্ৰগোঁহাই,  শিক্ষক দিগন্ত বৰুৱা, বদন বৰুৱা, মনোজ দিহিঙ্গীয়াকে ধৰি বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে আৰু বক্তব্য আগবঢ়ায়। উল্লেখ্য যে পাহাৰী মন গীতত ঝৰ্ণা দিহিঙ্গীয়াৰ লগত সহশিল্পী হিচাপে কণ্ঠ নিগৰাইছে সুস্মিতা তৃষ্ণা দাসে। আনহাতে গীতটিৰ অভিনেতা-অভিনেত্ৰী সকল হ’ল গুঞ্জন ভৰদ্বাজ, নন্দিতা বৰশইকীয়া আৰু কাশ্মীৰি বৰুৱা দিহিঙ্গীয়া । অপৰূপ সৌন্দৰ্য্যৰ অধিকাৰী অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ কৰা গীতটো ইউটিউবৰ পাৰ্থ মেচৰ চেনেলটোত উপলব্ধ হ’ব। 

Leave A Reply