Breaking

মাজবাট বিধানসভা সমষ্টিৰ বৰঝাৰৰ গাঁও পঞ্চায়তৰ বুথে বুথে কন্ঠশিল্পী সীমান্ত শেখৰৰ নিৰ্বাচনী প্ৰচাৰ….

0 26

সমাগত লোকসভা নিৰ্বাচন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ঠাইত নিজৰ নিজৰ দলৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত দলীয় নেতৃবৃন্দ। ব্যতিক্ৰম নহয় বৰ্তমানৰ দৰং ওদালগুৰি লোকসভা সমষ্টি। মঙ্গলবাৰে মাজবাট বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৰীৰ দায়িত্বত থকা অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী সীমান্ত শেখৰে বৰঝাৰ গাওঁ পঞ্চায়তৰ বিভিন্ন বুথে বুথে গৈ ভাৰতীয় জনতা পাৰ্টীৰ পতাকা উত্তোলন কৰে আৰু সভা সমিতিত উপস্থিত হৈ ৰাইজৰ সৈতে মতবিনিময় কৰে। দলীয় কৰ্মী বৃন্দৰ উৎসাহ ঘৰে ঘৰে আৰু হাতে হাতে ভাৰতীয় জনতা পাৰ্টীৰ পতাকা চাই আনন্দিত হৈ পৰে কন্ঠ শিল্পী সীমান্ত শেখৰ আৰু কয় যে ঘৰৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টীৰ পতাকা লগোৱা ৰাইজ নিজ ইচ্ছাৰে যেতিয়া উৎসাহ উদ্দীপনাৰে ওলাই আহে ইয়াৰ অৰ্থ কি বুজায় মানে ভাৰতৰ স্বনামধন্য প্ৰধানমন্ত্ৰী আৰু কৰ্মপটু অসমৰ মূখ্যমন্ত্ৰীৰ কামত ৰাইজ পূৰ্ণ প্ৰকাৰে সন্তোষ্ঠী হৈছে।এই বাৰ মাজবাট বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ ভোট শ্বিয়াৰ আগতকৈ বহু বৃদ্ধি হব।মাজবাট বিধানসভা সমষ্টিত আজি কেইবা দিন ধৰি চলা সভা সমিতিত ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা পাইছোঁ।

ৰাইজ এই বাৰ ভাৰতীয় জনতা পাৰ্টীৰ সবকা সাথ সবকা বিকাশ সমৰ্থন জনাইছে। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ভাৰতীয় জনতা পাৰ্টীয়ে সহায় সহযোগিতা আগবঢ়াইছে। সংখ্যালঘু সাধাৰণ ভোটাৰ এই বাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে।ভাৰতীয় জনতা পাৰ্টীৰ শ্লোগান আৱকি বাৰ ৪০০ পাৰ যেন সম্ভৱ হৈ উঠিব আৰু দৃঢ় বিশ্বাস আছে ৰাইজ প্ৰতি। মঙ্গল বাৰে দিনজোৰা চলা এই নিৰ্বাচনী প্ৰচাৰত জনপ্ৰিয় কন্ঠ শিল্পী সীমান্ত শেখৰ লগত সঙ্গ দিয়ে ৰৌতা মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰবিন দৈমাৰী,ৰৌতা মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ৰাজু হাজৰিকা, দলগাওঁ বিধানসভা সমষ্টিৰ বিস্তাৰক প্ৰনৱ চৰকাৰ,দলীয় কৰ্মী স্বপন ৰাজবংশী,সুকুমাৰ ৰায়,নিখিল বিশ্বাস,সত্যৰঞ্জন বিশ্বাস,বিকাশ বিশ্বাস,ৰুহিদাস বিশ্বাস,মিথুন মণ্ডল,অমল মিত্ৰ,হিৰেন দাস,প্ৰকাশ ৰায়,পংকজ দাস,স্বপন দাস,বৰঝাৰ গাওঁ পঞ্চায়তৰ বিভিন্ন বুথৰ সভাপতি, সম্পাদক,সদস্য,সদস্যা স্থানীয় বিশিষ্ট গন্য মান্য ৰাইজ আৰু সাধাৰণ ভোটাৰ ।

Leave A Reply