Breaking

ৰাজনৈতিক হেচাত গ্ৰেপ্তাৰ ছিছোডিয়াক ! অসন্তুষ্ট চিবিআইৰ বহু বিষয়া – কেজৰিৱাল

0 77

দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিছোডিয়াক গ্ৰেপ্তাৰ কৰা কাৰ্যই বহু চি বি আই বিষয়াৰ অসন্তুষ্ট কৰিছে। এই ভাষ্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। কেজৰিৱালৰ মতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী গৰাকীৰ ঘৰ লকাৰকে ধৰি সকলো তালাচী চলাইছিল চি বি আইৰ দলে। কিন্তু কালি প্ৰায় আঠ ঘন্টা জেৰাৰ অন্তত চি বি আইয়ে সন্ধিয়া তেওঁক গ্ৰেপ্তাৰ কৰে।

ছিছোডিয়াক গ্ৰেপ্তাৰ কৰাৰ বাতৰি প্ৰকাশৰ লগে লগে “আপ” ৰ নেতা কৰ্মীৰ সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে বিজেপি দলে আবকাৰী কেলেংকাৰীৰ মূল হোতা অৰবিন্দ কেজৰিৱাল বুলি উল্লেখ কৰি তেওঁক গ্ৰেপ্তাৰৰ দাবী তোলে। উল্লেখযোগ্য যে মনিষ ছিছোডিয়াক আপ ৰ জ্যেষ্ঠ নেতাৰ উপৰি দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল।

Leave A Reply