Breaking

অভিনেতা সুশান্তৰ শেষকৃত্যৰ সময়ত বৌৱেকৰ মৃত্যু ।

0 651

মাত্ৰ ৩৪ বছৰ বয়সতে যোৱা ১৪ জুনত আত্মঘাতী হোৱা বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ দেশবাসীৰ মাজত আলোচনা অব্যাহত আছে৷ তেওঁৰ মৃত্যুত দেশত শোকৰ ছাঁ পৰে৷ দেওৰেক সুশান্তৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাছিল তেওঁৰ বৌৱেকে৷ সুশান্ত মৃত্যুৰ খবৰত মৰ্মাহত হৈ পৰিচিল বৌৱেক৷ অৱশেষত মৃত্যু হ’ল সুশান্তৰ বৌয়েকৰ৷ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ যে সুশান্তৰ মৃত্যুৰ খবৰত বৌৱেক মানসিকভাৱে ভাগি পৰিছিল৷ সেইবাবেই তেওঁৰ মৃত্যু হয় বুলি প্ৰকাশ৷ উল্লেখ্য যে সোমবাৰে মুম্বাইৰ ভিলে পাৰ্লে শ্মশানত সুশান্তৰ শেষকৃত্য কৰি থকাৰ সময়তে বিহাৰৰ পূর্ণিয়া জিলাৰ মলডীহা গাঁৱত তেওঁৰ বৌৱেক সুধা দেৱীৰ মৃত্যু হয়৷ মন কৰিব লগা যি সুধা দেৱী কিছুদিন ধৰি অসুস্থ হৈ আছিল৷ এনে অৱস্থাত সুশান্তৰ মৃত্যুৰ খবৰ পাই সুধা দেৱীয়ে খোৱা বোৱা এৰি দিছিল৷ ফলত ক্ৰমশঃ তেওঁৰ স্বাস্থ্য অৱনতি ঘটে৷ বাৰে বাৰে সংজ্ঞাহীন হৈ পৰে৷ তেওঁৰ অৱস্থা বেয়া হোৱাত চিকিৎসা কৰোৱা৷ হয়৷ সংজ্ঞা ঘূৰি আহিলে কেৱল সুশান্তৰ কথা জানিবলৈ বিচাৰিছিল৷ শেষত সোমবাৰৰ বিয়লি তেওঁৰ মৃত্যু হয়৷ সুধা দেৱীৰ স্বামী অমৰেন্দ্ৰ সিঙে জনোৱা মতে সোমবাৰে পুৱা সুধা দেৱীৰ শৰীৰৰ অৱস্থাৰ অৱনতি ঘটিছিল৷ বিয়লি ৫ বজাত তেওঁৰ মৃত্যু হয়৷

Leave A Reply