Breaking

অভয়াপুৰী পৌৰসভাৰ কাৰ্য্যালয়ৰ সম্মুখত অৱস্থান ধৰ্মঘট পালন

0 226

অভয়াপুৰীত অৱস্থান ধৰ্মঘট পালন।অভয়াপুৰী পৌৰসভাৰ কাৰ্য্যালয়ৰ সম্মুখত অৱস্থান ধৰ্মঘট পালন ।অভয়াপুৰী পৌৰসভাৰ অন্তৰ্গত চাফাই কৰ্মী সকলৰ প্ৰাপ্য দৰমহা বিচাৰি পালন কৰে এই অৱস্থান ধৰ্মঘট ।প্ৰাপ্ত তথ্য অনুসৰি, দুমাহ ধৰি চাফাই কৰ্মী সকলে দৰমহা লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে। আনকি দীৰ্ঘদিন কপালৰ ঘাম মাটিত পেলাই কাম কৰি অহাৰ পাছতো কোনো ধৰণৰ দৰমহা বৃদ্ধি হোৱা পৰিলক্ষিত হোৱা নাই বুলি মন্তব্য কৰে চাফাই কৰ্মী সকলে ।

তাৰোপৰি চাফাই কৰ্মী সকলে সংবাদ মাধ্যমৰ আগত জনায় যে পূৰ্বতে কৰা কিছুমান দাবীৰ ফলাফলক লৈ বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। দুৰ্গা পূজাৰ আগমুহূৰ্তত চাফাই কৰ্মী সকলৰ দৰমহা প্ৰদান কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় অভয়াপুৰী পৌৰসভাৰ অন্তৰ্গত ভুক্তভোগী চাফাই কৰ্মী সকলে ।

Leave A Reply