Breaking

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি উপলক্ষে “সীতা হৰণ বালী বধ” ভাওনা প্ৰদৰ্শন…

0 39

অসমৰ সংস্কৃতিৰ এক অন্যতম সম্পদ ভাওনা । গুৱাহাটীৰ যান্ত্ৰিক জীৱনৰ মাজত থাকিলেও আমাৰ মনে প্ৰাণে এতিয়াও জীপাল সেই গাঁৱৰ ভাওনাভাগৰ স্মৃতি ।

সেইবাবে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে কটনিয়াৰ দ্বাৰা “সীতা হৰণ বালী বধ” ভাওনাভাগ ১৪ ছেপ্টেম্বৰ তাৰিখে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা হয় ।

ভাওনা সংস্কৃতিৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধা আৰু ভালপোৱাৰ আয়োজনত অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী পিযূষ হাজৰিকা‌ লগতে ছাত্ৰ কল্যাণ সঞ্চালক ড° প্ৰশান্ত শৰ্মা ডাঙৰীয়া আৰু ইণ্ডিয়া টু’ডেৰ কাৰ্যবাহী সম্পাদক কৌশিক ডেকা ।


উল্লেখ্য যি সময়ত আমাৰ নতুন প্ৰজন্মই ভাওনাকে আদি কৰি আমাৰ পুৰাতনীয়া সংস্কৃতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰে বুলি সততে সমালোচিত হয়, সেই সময়তে আমাৰ সংস্কৃতিৰ প্ৰতি প্ৰদৰ্শন কৰা দায়বদ্ধতা তথা কটনিয়ানৰ এই পদক্ষেপ সঁচাকৈয়ে শলাগনীয়।

Leave A Reply