Breaking

দুচকীয়া, চাৰিচকীয়া ব্যক্তিগত বাহনৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম নীতি বলৱৎ কৰাৰ সিদ্ধান্ত শিৱসাগৰ জিলা প্ৰশাসনৰ : ৯ মে’ৰ পৰা প্ৰযোজ্য হ’ব নিৰ্দেশনা

0 93

শিৱসাগৰ

 সমগ্র বিশ্বজোৰা ভয়াবহতা সৃষ্টি কৰা ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চলি থকা লকডাউনৰ সময়ছোৱাত শিৱসাগৰ জিলা প্ৰশাসনে সমগ্র জিলাতে সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰাৰ লগতে জনসমাগম ৰোধ কৰাৰ ক্ষেত্ৰত তীক্ষ্ম দৃষ্টি ৰাখি আহিছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও কিছুসংখ্যক ৰাইজে লকডাউনৰ সময়ছোৱাত অনাহকত ব্যক্তিগত বাহনৰে যাতায়াত কৰি ব্যাপক যান-জঁট আৰু জনসমাগমৰ সৃষ্টি কৰা জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে। ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিহত কৰাৰ অত্যাৱশ্যকীয় সামাজিক দূৰত্ব বজাই ৰখা নীতিৰ প্ৰতি একাংশ ৰাইজে প্ৰদৰ্শন কৰা এই উদাসীনতাৰ মানসিকতা প্ৰত্যক্ষ কৰি জিলা প্ৰশাসনে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে জানিবলৈ দিয়া মতে জনসমাগম ৰোধ কৰাৰ বাবে তথা ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত দুচকীয়া আৰু চাৰিচকীয়া ব্যক্তিগত বাহনসমূহ চলাচলৰ ক্ষেত্ৰত অহা ৯ মে’ৰ পৰা ১৭ মে’ তাৰিখলৈ প্ৰৱৰ্তন হ’ব যুগ্ম-অযুগ্ম নীতি। জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত শনিবাৰে উপায়ুক্ত কাৰ্যালয়ত আৰক্ষী আৰু অসামৰিক সেৱাৰ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই নীতি অনুসৰি অহা ৯ মে’ তাৰিখে পঞ্জীয়ন ফলকৰ শেষৰ অযুগ্ম নম্বৰ থকা দুচকীয়া আৰু চাৰিচকীয়া ব্যক্তিগত বাহনসমূহ চলাব পাৰিব আৰু তাৰ পিছৰ দিনা যুগ্ম নম্বৰৰ বাহন চলাব পাৰিব৷ ঠিক সেইদৰে এদিন অযুগ্ম আৰু এদিন যুগ্মকৈ পৰৱৰ্ত্তী ১৭ মে’ তাৰিখলৈকে এই প্ৰক্ৰিয়া চলি থাকিব। অৱশ্যে, চৰকাৰী যান-বাহন, পৰিচয় পত্ৰসহ কৰ্মস্থলীলৈ অহা চাকৰিজীৱীসকল, আৰক্ষী, সেনাবাহিনী, অৰ্ধসামৰিক বাহিনী, অগ্নি আৰু আপাতকালীন সেৱা, জৰুৰীকালীন সেৱাত নিয়োজিত অনুমতিপ্ৰাপ্ত বাহন আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত লোকসকলৰ বাহন, এম্বুলেন্স, সাংবাদিকৰ বাহন আদি যুগ্ম-অযুগ্ম নীতিৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে। ব্যক্তিগত বাহনৰ ক্ষেত্ৰত জাৰি কৰা এই যুগ্ম-অযুগ্মৰ নীতি অমান্য কৰা সকলৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা উপায়ুক্তই সদৰি কৰে।

Leave A Reply