Breaking

শিৱসাগৰ বেতন বঞ্চিত অৱসৰপ্ৰাপ্ত শিক্ষক সন্থা সংবাদমেল: কবিতা যোগেদি মুখ্যমন্ত্ৰীলৈ কাকতি মিনতি বেতন বঞ্চিত অৱসৰপ্ৰাপ্ত শিক্ষকৰ

0 1,585

আজি শিৱসাগৰ প্ৰেছ ক্লাৱত অবিভক্ত শিৱসাগৰ বেতন বঞ্চিত অৱসৰপ্ৰাপ্ত শিক্ষক সন্থা সংবাদমেল।১৯৯৬/৯৮/৯৯ চনৰ চৰকাৰী নীতি মতে non-plan পদত ৯০০ হিচাবে প্ৰাথমিক বিদ্যালয়ৰ সহ:শিক্ষক পদত নিযুক্তি লাভ কৰি ২০০২ চনত বুনিয়াদী প্ৰশিক্ষণ লৈ প্ৰশিক্ষণ উত্তীণ হয়।উত্তীণ পাছত scale pay পাই চাৰ্ভিচ বুক,জি পি এফ আদি খুলি একেৰাহে ২০১২ চনৰ ফেব্ৰুৱাৰী মাহলৈকে মাহিলী বেতন লাভ কৰি আহিছিল।কিন্তু পৰিতাপ বিষয় যে ২০১২ চনৰ মাৰ্চ মাহৰ পৰা সম্পূৰ্ণ ৰূপে শিৱসাগৰ জিলা খণ্ড প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত থকা শিক্ষক সকলৰ বেতন বন্ধ কৰি দিয়ে।কিন্তু বেতন নোপোৱা সকলো শিক্ষকক nrc/blo কামত নিয়োজিত কৰি ৰাখিছিল।

আনহাতে ২০১২ মাহৰ পৰা ২০২১ চনলৈ বিনা বাতনে চাকৰি কৰা কিছু শিক্ষকে ২০১৯/২০/২১ চনত অৱসৰ গ্ৰহণ কৰে।কিছু শিক্ষকে অৰ্থৰ অভাৱত বিনা চিকিৎসাই মৃত্যু বৰণ কৰে।উপায়ন্তৰ হৈ বেতন বঞ্চিত অৱসৰপ্ৰাপ্ত শিক্ষক ৰ মুখ্য মন্ত্ৰী লৈ কবিতা পাঠ কৰি আহ্বান পৰিয়াল পুহ পাল দি জীয়াই থাকিব কাৰণে পাব লগীয়া ধনৰাখি আৰু মাহিলী পেঞ্চন ৰ সু ব্যৱস্থা কৰি দিবলৈ আহ্বান।

Leave A Reply