Breaking

তামুলপুৰৰ মটঙাপাৰ শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত ছয়ঘন্টীয়া অখণ্ড পালনাম

0 24

তামুলপুৰৰ মটঙাপাৰ শ্ৰীশ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত ছয়ঘন্টীয়া অখণ্ড পালনাম। হৰি নাম কীৰ্তনত মুখৰিত তামুলপুৰৰ আকাশ বতাহ।আজি তামুলপুৰৰ মাজমজিয়াৰ মটঙাপাৰ শ্ৰীশ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত ছয় ঘন্টীয়া অখণ্ড পালনাম অনুষ্ঠিত হয়।আজি পুৱা পাঁচ বজাত জাগৰনৰ গীত পৰিৱেশন কৰে সত্ৰৰ পাঠক নিবাৰন দাসে ।পুৱা ৬ বজাত সত্ৰৰ আই মাতৃসকলৰ দ্বাৰা নাম প্ৰসঙ্গ কৰা হয়।

পুৱা ৭ বজাত বাপ সকলৰ দ্বাৰা নাম -প্ৰসঙ্গ কৰা হয়।৮ বজাত পতাকা উত্তোলন কৰে পালনাম পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত দাসে।আই -মাতৃ আৰু ভকত বান্ধৱৰ দ্বাৰা পৰিৱেশিত হৰি নাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰে তামুলপুৰৰ আকাশ বতাহ।

Leave A Reply