Breaking

মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জয়ৰে অভিযান ছয় ভাৰতীয়ৰ

0 97

চলিত মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ জয়যাত্রা আজি দ্বিতীয় দিনাও অব্যাহত আছে। উল্লেখ্য যে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্রীড়া কমপ্লেক্সত চলি থকা প্ৰতিযোগিতাখনৰ আজি দ্বিতীয় ছেচনত ভাৰতৰ হৈ প্ৰথমে ৰিঙত নামে জয়ছমিন লেম্বোৰিয়া।

৬০ কিলোগ্রাম শাখাত খেলা জয়ছমিনে প্ৰথম ৰাউণ্ডৰ মেচতে বিপক্ষ বক্সাৰক বিধ্বস্ত কৰি প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত হেলাৰঙে প্রবেশ কৰে। উল্লেখ্য যে প্ৰথম ৰাউণ্ডত জয়ছমিনৰ প্ৰতিদ্বন্দ্বী আছিল তানজানিয়াৰ নিয়ামবেগা বেচি আরোচ। ৰিঙত প্ৰৱেশ কৰিয়ে বিপক্ষক ধৰাশায়ী কৰা জয়ছমিনে খেল সমাপ্ত হোৱাৰ পূৰ্বেই ৰেফাৰীৰ পৰা বিজয় ঘোষণাৰ সফলতা লাভ কৰে।

স্মৰ্তব্য যে তানজানিয়াৰ বক্সাৰগৰাকীৰ অসহায় অৱস্থা দেখি ৰেফাৰীয়ে মাজতে মেচ বন্ধ কৰে আৰু ভাৰতীয় বক্সাৰ জয়ছমিনক বিজয়ী ঘোষণা কৰে। জয়ছমিনৰ সফলতাৰ পাছতে ৰিঙত প্ৰৱেশ কৰে আন এগৰাকী ভাৰতীয় বক্সাৰ শশী চোপ্ৰা। ৬৩ কিলোগ্রাম শাখাত দেশক প্রতিনিধিত্ব কৰা শশীয়েও জয়ৰে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অভিযান আৰম্ভ কৰে।

এখন একপক্ষীয় মেচত শশীয়ে কেনিয়াৰ মৱাংগি টেৰেশিহক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰি হেলাৰঙে প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কিন্তু ভাৰতৰ ক্ৰমাগত ছয় গৰাকী বক্সাৰে প্ৰথম মেচত জয়লাভ কৰাৰ পাছত আজি ৭০ কিলোগ্রাম শাখাত দেশক প্রতিনিধিত্ব কৰা শ্ৰুতি যাদৱে প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয়।

চীনৰ ঝউ পানৰ বিৰুদ্ধে ০-৫ ৰ ব্যৱধানত পৰাস্ত হয় শ্রুতি। উল্লেখ্য যে এই শাখাত পূৰ্বে ভাৰতৰ হৈ খেলাৰ কথা আছিল মনিপুৰৰ সনামাচা চানুৱে।

কিন্তু আঘাতৰ বাবে তেওঁ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় আৰু দ্বিতীয় স্থানৰ শ্ৰুতিক দলত স্থান দিয়া হৈছিল। উল্লেখ্য যে এম চি মেৰী কম একাডেমীৰ বক্সাৰ চানুই প্ৰথমবাৰৰ বাবে বিশ্ব বক্সিং চেম্পিয়নশ্বিপ খেলাৰ গৌৰৱময় সুযোগ লাভ কৰিছিল যদিও ভাগ্যই সহায় নকৰিলে।

ইফালে, যোৱানিশাৰ এখন মেচত ভাৰতৰ প্ৰীতিয়ে ৫৪ কিলোগ্রাম শাখাৰ খেলত হাংগেৰীৰ হানা লাকোতাৰক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। উল্লেখ্য যে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্রীড়া কমপ্লেক্সত আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ প্ৰথম দিনা প্রীতিসহ ভাৰতৰ চাৰিগৰাকী বক্সাৰে ৰিঙত নামি জয়ৰে চমকপ্ৰদ আভিযান আৰম্ভ কৰিছিল।

৫০ কিলোগ্রাম শাখাত খেলা বৰ্তমানৰ বিশ্ব চেম্পিয়ন নিখাত জাৰিনে প্ৰথম ৰাউণ্ডৰ মেচত আজাৰবাইজানৰ আনাখানিম ইছমাইলোভাক পৰাস্ত কৰাৰ বিপৰীতে নুপুৰ ছেৰণে (৮১ কেজি ঊর্ধ্ব) ৫-০ ৰ ব্যৱধানত গুয়ানাৰ আবিওলা জেকমানক সহজে পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত তথা সাক্ষী চৌধুৰীয়ে (৫২ কেজি) কলম্বিয়াৰ মার্টিনেজ মাৰিয়া জোচেৰ বিৰুদ্ধে হেলাৰঙে ৫-০ ৰ ব্যৱধানত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰলৈ যোগ্যতা অর্জন কৰে।

Leave A Reply