Breaking

লাহৰিঘাটৰ কাঠনিত দুই ফৈদৰ কাজিয়াত একে পৰিয়ালৰ ৬ জন লোক আহত…

0 36

লাহৰিঘাটৰ কাঠনিত দুই ফৈদৰ কাজিয়াত একে পৰিয়ালৰ ৬ জন লোক আহত

দুজনৰ অৱস্থা গুৰুতৰ হোৱাত মৰিগাঁৱলৈ স্হানান্তৰ

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত কাঠনি গাঁৱত কালি সন্ধিয়াত দুই ফৈদৰ মাজত কাজিয়াৰ সূত্রপাত হৈ মাৰপিটত একে পৰিয়ালৰ ৬ গৰাকী লোক আহত হয়। ঘটনাৰ বিৱৰণী মতে কাঠনি গাঁও পঞ্চায়তৰ ৭ নং ওয়ার্ডৰ আবুল হুছেইনৰ ঘৰৰ এটা ২২ দিনৰ গৰুৰ পোৱালিয়ে কাঠনি বীজ ফাৰ্মত শুকাবলৈ দিয়া এটা সৰু কাপোৰ গচকাত কাজিয়াৰ সূত্রপাত হয়।

অৱশ্যে দুপৰীয়া কাজিয়া শেষ হৈ গৈছিল যদিও পৰৱৰ্তী সময়ত পুনৰ আবুল হুছেইনৰ পৰিয়ালে ইফতাৰ লৈ থকাৰ সময়ত উচমান আলী মাষ্টৰ, ৰিয়াজুল, উবাইদুল, ইলিয়াছ, জাহাংগীৰ আৰু নাজিৰুলে আহি ঘৰত উঠি উদাও মুদাও মাৰপিট কৰি আবুল হুছেইন, দিলুফা বেগম, নুৰ উদ্দিন, নুৰজামাল হক, বেমাৰী নুৰুন নাহাৰ আৰু ১০ বছৰীয়া শিশু জান্নাতুল ফেৰদৌছক আক্ৰমণ কৰি আহত কৰাৰ কথা আহত হোৱা সকলে কয়।

সকলোকে লাহৰীঘাট মডেল হস্পিটেলত চিকিৎসাৰ বাবে ভৰ্তি কৰে যদিও দুজনৰ অৱস্থা গুৰুতৰ হোৱাত মৰিগাঁৱলৈ স্হানান্তৰ কৰে। এই সন্দৰ্ভত নুৰ জামাল হকে লাহৰীঘাট থানাত গোচৰ দাখিল কৰিছে। আৰক্ষীৰ তদন্তত হয়তো গোটেই কাহিনী পোহৰলৈ আহিব।

ভূৰাগাঁৱৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Leave A Reply