Breaking

ছিকিমত ভয়ংকৰ হিমস্খলন, ৬ জন লোকৰ মৃত্যু

0 74

মঙলবাৰে ছিকিমত হোৱা হিমস্খলনত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ১৫০ জন পৰ্যটক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

 Avalanches, Sikkim

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি এই হিমস্খলন ১৫ মাইল জে এন ৰোডত সংঘটিত হৈছিল যেতিয়া তাত বহু সংখ্যক পৰ্যটক উপস্থিত আছিল। ৭০ৰ পৰা ৮০জন পৰ্যটকক নিয়ৰৰ তলত পুতি থোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে।

এই পৰ্যন্ত উদ্ধাৰ হোৱাসকলৰ ভিতৰত আছে গুৰুতৰভাৱে আহত ৩০জন পৰ্যটক। সোণম টেনজিং ভুটীয়া আই জি চেকপোষ্টৰ মতে সকলোকে এছ টি এন এম আৰু মণিপাললৈ স্থানান্তৰ কৰা হৈছে।

নিশা প্ৰায় ১২:২০ বজাত সংঘটিত হয় এই ঘটনা। আচলতে ১৩ মাইলৰ বাবেহে যাত্ৰীক পাছ দিয়া হয় যদিও পৰ্যটকসকলে জোৰকৈ ১৫ মাইলৰ দিশে যায়। সেয়ে অধিকাংশ পৰ্যটক আবদ্ধ হৈ পৰিছে।

Leave A Reply