Breaking

‘সোনোৱালী কাব্যৰ কাকলি’ৰ ষষ্ঠ খণ্ড সম্পন্ন

0 2,402

কবিতা ৰচনাৰ বাবে কেৱল নিজস্ব অনুভৱৰ বৰ্ণময় প্ৰকাশেই যথেষ্ঠ নহয়, ভাব-ভাষাৰ বৈচিত্ৰ, চিন্তাৰ
গভীৰতা, আংগিকৰ বিভিন্নতা, প্ৰকাশভংগীৰ বিস্তাৰণ আদিৰ বাবে পূৰ্বৱৰ্তী আৰু সমকালীন কবিসকলৰ কবিতাৰ পঠন আৰু অধ্যয়নো
সমানেই প্ৰয়োজনীয়।” তেনে এক কাব্য-পঠনৰ সমূহীয়া মঞ্চৰ আৰম্ভণি কৰি কাব্য ৰচনাৰ এই বিদ্যায়তনিক দিশটোৰ প্ৰতি জনগোষ্ঠীয় কবিসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে সোনোৱাল কছাৰী সাহিত্য সভাই
যোৱা 12/09/2021 তাৰিখে সভাৰ ধাৰাবাহিক
কবিতা পাঠৰ অনলাইন অনুষ্ঠান “সোনোৱালী কাব্যৰ কাকলি”ৰ ষষ্ঠ খণ্ডটো অনুষ্ঠিত কৰে। এই অনুষ্ঠানটোত তিনিকুৰিৰো অধিক জনগোষ্ঠীয় কবিয়ে স্বৰচিত কবিতাৰ সলনি তেওঁলোকৰ প্ৰিয় কবিতা হিচাপে অসমীয়া সাহিত্যৰ বিভিন্ন প্ৰথিতযশা কবিৰ একোটাকৈ কবিতা পাঠ কৰি কাব্যৰ নৱৰসেৰে অনুষ্ঠানটো জীপাল কৰি তোলে।

সোনোৱাল কছাৰী জনগোষ্ঠীৰ ঈশ্বৰ ‘খ্ৰীংৰাজা’ৰ প্ৰতি উচৰ্গিত এটি বাইথ’ বন্দনাৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আঞ্চলিক সমিতি, শাখা সমিতিৰ সদস্য আৰু জাতীয় সংগঠনৰ বিষয়ববীয়া তথা কাব্যানুৰাগীবৃন্দৰ উপস্থিতিত অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে সাহিত্য সভাখনিৰ মুখ্য সম্পাদক শিৱনাথ সোনোৱালে।অনুষ্ঠানটোৰ প্ৰাৰম্ভতে “সমকালীন কবিতা আৰু অসমীয়া কবিতা” শীৰ্ষক ধাৰাবাহিকৰ তৃতীয় খণ্ডৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড৹ বিনোদ বড়াই কবিতা বিষয়ক এক গভীৰ তুলনামূলক বিশ্লেষণ দাঙি ধৰে। ইয়াৰ পাছতে সভাৰ কাৰ্যনিৰ্বাহক সদস্য কুসুম সোনোৱাল শইকীয়াই পৰিচালনা কৰা কাব্য-পাঠৰ অনুষ্ঠানটো এটি শুভেচ্ছা বাৰ্তা আৰু এটি কবিতা পাঠেৰে শুভাৰম্ভণি কৰে সাহিত্য সভাখনিৰ উপসভাপতি মোহন সোনোৱালে। কবি হীৰেন ভট্টাচাৰ্য, যতীন্দ্ৰ নাথ দুৱৰা, হেম বৰুৱা, নলিনীবালা দেৱী, ৰাম গগৈ, দেৱকান্ত বৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, নৱকান্ত বৰুৱা, নীলমণি ফুকন, আনন্দ চন্দ্ৰ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, নিৰ্মলপ্ৰভা বৰদলৈ, তচলিমা নাচৰীন(অনুবাদ), বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য, নীলিম কুমাৰ, অনুভৱ তুলসী, সমীৰ তাঁতী, তপন দাস, প্ৰণৱকুমাৰ
বৰ্মণ, গংগামোহন মিলি, উজ্জ্বল পাওগাম, প্ৰণয় ফুকন, জুবিন গাৰ্গ, হেমচন্দ্ৰ কছাৰী, ডা৹ নৰোত্তম সোনোৱাল, মণি বৰুৱা, যোগদা বড়া, ধনীৰাম কোঁৱৰ আদি প্ৰথিতযশা পূৰ্বৱৰ্তী, জ্যেষ্ঠ
আৰু সমকালীন কবিবৃন্দৰ কবিতা পাঠেৰে অনুষ্ঠানটো সজাই তোলে কবি অমিয় কুমাৰ সোনোৱাল, ধীৰাংশু সোনোৱাল (শিশু আবৃত্তিকাৰ), নিশিগন্ধা সোনোৱাল, কণমইনা সোনোৱাল, নীহাৰিকা সোনোৱাল, কুসুম সোনোৱাল শইকীয়া, জেৰিনা শইকীয়া, বীণাপাণি শইকীয়া বড়া, দুৰ্লভ সোনোৱাল, ভাৰতী বসুমতাৰী দাস বাঘ্ৰী, হিৰেশ্বৰ সোনোৱাল, সুৰজ কুমাৰ বড়া, উত্তৰা শইকীয়া, জয়া বড়া, ৰিদীপ সোনোৱাল, নলিনী সোনোৱাল, ৰঞ্জুমণি বড়া সোনোৱাল, পৰাগ হাজৰিকা, ৰূপম সোনোৱাল, উমেশ সোনোৱাল, মাণিক চন্দ্ৰ সোনোৱাল, কুশ সোনোৱাল, ৰাশ্বীকা সোনোৱাল, ডিম্পী সোনোৱাল, ৰূপজ্যোতি সোনোৱাল, উৎপল সোনোৱাল, অনিল কুমাৰ সোনোৱাল, অমৃতপ্ৰভা সোনোৱাল, ভদ্ৰসেন সোনোৱাল, পোনা সোনোৱাল, নৱনীতা শ্যাম উৰঙীয়া, ৰণ্টু হাজৰিকা, ডা৹ গুণকান্ত কুমৰাল, মৃদুল ঢেকীয়াল, তনু সোনোৱাল, তোলন হাজৰিকা, গকুল বড়া, বিভা ফাটোৱালী, পল্লৱজ্যোতি বৰুৱা, মৃণালিনী সোনোৱাল, অনিমা বড়া সোনোৱাল, জিমি বৰশইকীয়া চেতিয়া, অঞ্জলী বৰশইকীয়া, প্ৰশান্ত বড়া, নীলাভজ্যোতি সোনোৱাল, মজিন সোনোৱাল, নন্দিনী ডেকাবৰুৱা, বিদিশা সোনোৱাল, মীৰা শইকীয়া, হেমন্ত কুমাৰ দাস বাঘ্ৰী, নৱশ্ৰী সোনোৱাল,
সুমন্ত বড়া, মৃদুল সোনোৱাল, প্ৰশান্ত কুমৰাল আদিয়ে।

নিমন্ত্ৰিত অতিথি হিচাপে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, সাহিত্য সভাখনিৰ অন্যতম উপসভাপতি নিবেদিতা বড়া সন্দিকৈ, পৰ্যৱেশক ড৹ তুলসী সোনোৱাল উপস্থিত থকাঅনুষ্ঠানটোৰ প্ৰতি অনুভৱৰ কৰণি ব্যক্ত কৰে ক্ৰমে সদৌ অসম সোনোৱাল কছাৰী কল্যাণ সংঘৰ সভাপতি ভুৱন চন্দ্ৰ বড়া, ডিব্ৰুগড় জিলা সোনোৱাল কছাৰী জাতীয় পৰিষদৰ সভাপতি গকুল বড়া,
সোনোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি জিলাৰ সভাপতি হেৰম্ব প্ৰসাদ দাস, শ্ৰোতা-শুভাকাংক্ষী টংকেশ্বৰ সোনোৱাল আদিয়ে। ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড৹ বিজু মৰাণে অতিথি হিচাপে উপস্থিত থাকি কবিতা ৰচনাৰ কলা-কৌশল সম্পৰ্কীয় মনোজ্ঞ বিশ্লেষণৰ লগতে কাব্য পাঠৰ এই অনুষ্ঠানটোৰ তাৎপৰ্য আৰু সোনোৱাল কছাৰী সমাজত কাব্য ৰচনাৰ পৰিবেশত এনে ধৰণৰ অনুষ্ঠানৰ প্ৰভাৱ আদিৰ বিষয়ে আলোচনা আগবঢ়ায়। সভাৰ অন্যতম সম্পাদক প্ৰশান্ত কুমৰালে আঁতধৰা সভাখনিৰ শলাগৰ শৰাই আগবঢ়ায় সভাৰ আন এগৰাকী সম্পাদক মৃদুল সোনোৱালে। এপষেকৰ পিছত অসমীয়া সাহিত্যৰ বিশিষ্ট সাহিত্যিক “যোগেশ দাস”ৰ সোঁৱৰণত ‘সোনোৱালী কাব্যৰ কাকলি’ৰ ‘সপ্তম খণ্ড’টো অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তামণ্ডলীয়ে জনাইছে।

Leave A Reply