Breaking

ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ অৰিন্দমৰ অভিনৱ পদক্ষেপ : নিজে সম্পাদনা কৰা তথ্যচিত্ৰৰ মাজেৰে কৰোনা প্ৰতিৰোধৰ সজাগতা অভিযান

0 1,266

অনলাইন বাৰ্তা, ৫ ডিচেম্বৰঃ মহানগৰীৰ গান্ধীবস্তী নিবাসী পিতৃ গোপাল মহন্ত আৰু মাতৃ ঝমু ৰানী দত্তৰ দ্বিতীয় সন্তান অৰিন্দম  মহন্তই তথ্যচিত্ৰৰ জৰিয়তে কৰোনা সজাগতাৰ প্ৰয়াস কৰিছে ৷ তেজপুৰৰ ডন বস্ক’ হাইস্কুলৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ অৰিন্দমে সামাজিক দায়বদ্ধতাৰ প্ৰতি অতিকৈ আগ্ৰহী ৷ সেয়ে ১২ বছৰ বয়সীয়া ছাত্ৰ গৰাকীয়ে কৰোনা মহামাৰীৰ পৰা জনসাধাৰণ সজাগ আৰু সচেতনা কৰাৰ লক্ষৰে এখন নিজে তথ্যচিত্ৰ নিৰ্মান কৰি উলিয়াই ৷ তথ্যচিত্ৰখনত মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে অন লাইন যোগে শিক্ষাৰ্থী সকলে কেনেদৰে শিক্ষা গ্ৰহন কৰিব সেই সম্পৰ্কে সজাগতা মূলক দৃশ্য প্ৰকাশ কৰা হয় ৷ সজাগতা মূলক তথ্যচিত্ৰ খনত অৰিন্দমৰ লগত সহযোগ কৰিছিল তেওঁৰ স্কুলীয়া সতীৰ্থ বন্ধু কল্লোল বৰুৱা, আশিদ হ’ক , শ্ৰতি কাশ্যপ, মুগ্ধ কাশ্যপে ৷ ইতিমধ্যে ইউটিউবত তথ্যচিত্ৰখন সম্প্ৰাচৰন হৈছে ৷ যঠেষ্ট লোকে তথ্যচিত্ৰ খন উপভোগ কৰি অৰিন্দম মহন্তক শুভেচ্ছা জ্ঞাপন কৰে ৷ এই ক্ষেত্ৰত পিতৃ গোপাল মহন্ত আৰু মাতৃ ঝমু ৰানী দত্তই কয় যে অৰিন্দম সৰুৰ পৰাই কিবা এটা কৰাৰ হেপাহ ৷ তথ্যচিত্ৰ খন নিজে নিৰ্মাণ কৰি কৰোনাৰ মহামাৰীৰ পৰা জনসাধাৰক পৰিত্ৰাণ পোৱাৰ এক প্ৰয়াস তথ্যচিত্ৰত প্ৰকাশ কৰিছে বুলি তেওঁলোকে কয় ৷ উল্লেখ্য যে অৰিন্দম মহন্তই পঢ়াশুনা কৰাৰ লগতে অভিনয়, ছবি নিৰ্মাণৰ জৰিয়তে সমাজৰ দায়িত্ব বোধৰ পৰিচয় দিব বিচাৰে ৷

Leave A Reply