Breaking

সৰু সৰু বাদামত আছে বহু উপকাৰী গুণ, জানিলে আচৰিত হব আপুনি ….

0 257

বাদামৰ গুণাগুণ
১। ভিজোৱা বা আহাৰত মিহলাই খোৱা বাদামে পাচন ক্ৰিয়া মজবুত কৰে । পেটৰ সকলো প্ৰকাৰ ৰোগত -অজীৰ্ন, বায়ু পিত্ত , শৌচকচা , এচিডিতি আদিৰ বাবে উপকাৰী ।
২। ৰক্তহীনতা ৰোগীৰ ৰক্ত পৰিস্কাৰ আৰু ৰক্ত বৃদ্ধি কৰে । কফৰ বাবে উপকাৰূ
৩ । ইয়াত থকা কেলচিয়াম আৰু ডি ভিটামিনে হাড়ৰ গঠন আৰু বিষ নাশ কৰে । নখ, চুলি, চকু আৰু দাঁতৰ বাবে হিতকাৰী ।
৪। বহুমুত্ৰ ৰোগীৰ বাবে কম কম মাত্ৰাত খোৱাতো উপকাৰী


ৰক্তচ্চাপ স্বাভাৱিক কৰায় (উচ্চ ৰক্তচ্চাপ ৰোগীয়ে বেচিকৈ নাখাব ।)
৪ ।পেটৰ (কল’ন) কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰে।
৬। কোলেষ্ট্ৰল আৰু হৰমোন নিয়ন্ত্ৰন কৰে।
হৃদৰোগ প্ৰতিৰোধ কৰে।

৭।গৰ্ভৱতী মাতৃ ও গৰ্ভস্থসন্তানৰ স্বাস্থ্য তথা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । আইৰন আৰু কেলচিয়ামৰ অভাৱ দুৰ কৰে । দিনে ৫০ গ্ৰাম ভিজা বাদাম চোবাই নাইবা আহাৰ খোৱাৰ পিচত খাব । লগতে কিছুপৰিমানে গুড় খাব পাৰে ।
৮। যৌনসুখ আৰু সুস্বাস্থ্যৰ বাবে উপকাৰী ।
৯। বাদামে ভোক কমায় । সেয়ে অতি ভোজন প্ৰিয় ব্যক্তিয়ে ভোজনৰ আগে আগে বাদাম খাব পাৰে (বেচিকৈ নাখাব)
১০। চুলি আৰু চালৰ সকলো ৰোগৰ বাবে উপকাৰী । কেচা বাদাম মিহিকৈ বতি গোলাপজলসহ চালত ঘহি আধাঘন্টা পিচত ধুলে চাল মসৃন হয় ।


১১। ভিজোৱা বাদাম গাখীৰ ,মৌ বা গুড় মিহলাই খালে দুৰ্বল আৰু ক্ষীনকায় ব্যক্তিৰ বাবে হিতকাৰী পথ্য ।
১২। ব্যায়াম, জিম,যোগাসন, কচৰত কৰা লোক বা
লৰাছোৱালীৰ সুস্বাস্থ্যৰ বাবে ভিঝোৱা বাদাম
অতি পুষ্টিদায়ক খাদ্য । অঙ্কুৰিত মুগ বা বুতৰ লগত খাব পাৰে ।


১৩ । গাখীৰ মাছমাংস বা ফলাহাৰ আদিৰ অভাৱত পুষ্টিহীনতাত ভোগা ব্যক্তি,মাতৃ বা ছাত্ৰছাত্ৰীয়ে বিকল্প পৰিপুষ্টিৰ বাবে ভিজোৱা বাদাম নিয়মিত খাব পাৰে।
১৪ । মুঠতে লৰা , ডেকা,বুঢ়া ৰোগী নীৰোগী সকলো লোকৰ বাবে বাদাম শক্তি দায়ক বলকাৰক আৰু ৰোগ প্ৰতিৰোধক খাদ্য।

অতি ওজন আৰু শকত লোক বা ৰোগ বিশেষে চিকিৎসকক নুসুধাকৈ বাদাম নাখাব । অধিক মাত্ৰাত বাদাম কেতিয়াও নাখাব।

Leave A Reply