Breaking

পঞ্জীয়নভুক্ত শ্ৰমিকৰ মুখত হাঁহি

0 2,028

অসম চৰকাৰৰ শ্ৰমিক কল‍্যাণ বিভাগৰ অন্তৰ্গত অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল‍্যাণ বৰ্ডৰ উদ‍্যোগত বেচৰকাৰী সংস্থা এমুলেট এডুকেশ্বনেল চাৰ্ভিচেছ ঘগ্ৰাপাৰ শাখাৰ সহযোগত কালি  ঘগ্ৰাপাৰত এটা দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত আয়োজিত উক্ত প্ৰশিক্ষণ শিৱিৰটি মুকলি কৰে–নলবাৰীৰ শ্ৰম বিষয়া কবিতা বৰ্মনে।শিৱিৰটি মুকলি কৰি বিষয়াগৰাকীয়ে বৰ্তমান সময়ত দক্ষলোকৰ অভাৱ নাই বুলি উল্লেখ কৰি উপযুক্ত প্ৰশিক্ষণৰ অভাৱতহে নিষ্ক্ৰিয়  হৈ থকা বুলি মন্তব‍্য কৰে।অসম চৰকাৰৰ শ্ৰম বিভাগত পঞ্জীয়নভুক্ত মুঠ ১২০ পুৰুষ-মহিলা,যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা স্বকৃতীপ্ৰাপ্ত শ্ৰমিকসকলক দক্ষ আৰু শুদ্ধতাৰে যাতে নিৰ্মাণ কাৰ্য সম্পাদান কৰিব পাৰে তাৰ বাবে একাগ্ৰতাৰে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ লৱলৈ বিষয়াগৰাকীয়ে আহ্বান জনায়। উক্ত শিৱিৰটোত এমুলেট এডুকেশ্বনেল চাৰ্ভিচেছৰ ঘগ্ৰাপাৰ শাখাৰ সঞ্চালিকা দেৱশ্ৰী কাশ‍্যপে অংশগ্ৰহণ কৰি উক্ত প্ৰশিক্ষণৰ জৰিয়তে চৰকাৰী সা-সুবিধাসমুহৰ পৰা   শ্ৰমিকসকলে কেনেদৰে লাভবান হব পাৰি তাৰ ওপৰত বিশদ বাখ্যা কৰে।ৰাজমিস্ত্ৰী আৰু কাঠমিস্ত্ৰীৰ ওপৰত হবলগা প্ৰশিক্ষণ শিৱিৰৰ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰতিদিনে ২৮০ টকাকৈ মাননি লাভ কৰিব বুলি সঞ্চালিকাগৰাকীয়ে সদৰী কৰে । সম্পূৰ্ণ দুমাহ অনুষ্ঠিত হবলগা প্ৰশিক্ষণ শিৱিৰটোত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে পূৱা ৯:১৫ ত ঘগ্ৰাপাৰ হৰিমন্দিৰ প্ৰাংগণত আয়োজিত প্ৰশিক্ষণ শিৱিৰত উপস্থিত থাকিব লাগিব বুলিও সঞ্চলিকাগৰাকীয়ে সদৰী কৰে।আজিৰ এই শিৱিৰটিয়ে পঞ্জীয়ন ভুক্ত শ্ৰমিকসকলৰ মাজত হাঁহি বিৰিঙোৱা পৰিলক্ষিত হৈছে।অনুষ্ঠানটি আঁত ধৰে ক্ৰমে কেন্দ্ৰ সমন্বয়ক ভগৱান তালুকদাৰ আৰু শিৱ শংকৰ দাসে।

Leave A Reply