Breaking

মেকড’নাল্ডছত চাফাই কাম কৰি মাহে ১৮০০ টকা উপাৰ্জন কৰিছিল স্মৃতি ইৰাণীয়ে…

0 3,944

অতীতৰ কথা মনত পেলাই আৱেগিক ৰাজনীতিবিদ স্মৃতি ইৰাণী। শেহতীয়াকৈ স্মৃতি ইৰাণীয়ে প্ৰকাশ কৰিছে যে তেওঁ মেকড’নাল্ডছৰ চাপাই কাম কৰি প্ৰতিমাহে ১৮০০ টকা উপাৰ্জন কৰিছিল, তেতিয়া তেওঁ Kyunki Saas Bhi Kabhi Bahu Thi ছবিত মুখ্য চৰিত্ৰ লাভ কৰিছিল। অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা স্মৃতি ইৰাণীয়ে Kyunki Saas Bhi Kabhi Bahu Thi ছবিখনৰ চৰিত্ৰৰে ভাৰতীয় টেলিভিছনত এক আইকনিক নাম হৈ পৰিছিল আৰু একতা কাপুৰ শ্ব’টো সৰু পৰ্দাত এটা কাল্ট হৈ পৰাৰ সময়তে শেহতীয়াকৈ স্মৃতিয়ে শ্বেয়াৰ কৰিছে যে কেনেকৈ তেওঁ শ্ব’টোত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এক কথা-বতৰাৰ সময়ত স্মৃতিয়ে কৈছিল প্ৰতিদিনে দৰমহাৰ কথাও শ্বেয়াৰ কৰিছিল আৰু সেই সময়ত তেওঁ কেনেকৈ অত্যন্ত কঠিন আৰ্থিক পৰিস্থিতিত কটাবলগীয়া হৈছিল সেই কথাও মনত পেলাইছিল।

Kyunki Saas Bhi Kabhi Bahu Thiত অভিনয়ৰ কথা মনত পেলাই ইৰাণীয়ে কয় যে একতা কাপুৰৰ অফিচত এজন জ্যোতিষীয়ে মোক দূৰৰ পৰা দেখি মোক ৰ’বলৈ ক’লে। জ্যোতিষীজনৰ নাম আছিল জনাৰ্ধন আৰু তেওঁ কৈছিল যে মই ডাঙৰ তাৰকা হ’ম। স্মৃতিয়ে আৰু কয়, ‘মোক প্ৰতিদিনে প্ৰায় ১২০০-১৩০০ টকাকৈ দৰমহা পোৱা কথা কৈছিল একতা কাপুৰৰ অফিচত। সেই সময়ত মই মেকড’নাল্ডছত চাফাইকৰ কাম কৰি আছিলো য’ত মোক মাহে ১৮০০ টকা দৰমহা পাইছিলোঁ। গতিকে দিনটোত ১২০০ টকা পোৱাটো বহুত ভাল আছিল, তেতিয়া মোৰ কোনো ভাল চাকৰি নাছিল। মাহে ১৮০০ টকা উপাৰ্জন কৰা এজন ২৩ বছৰীয়া এগৰাকী যুৱতীৰ বাবে কোনো বিকল্প নাছিল।”

Kyunki Saas Bhi Kabhi Bahu Thi ধাৰাবাহিকত অভিনয় কৰি স্মৃতি ইৰাণীয়ে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। ভাৰতীয় টেলিভিছনত এইটোৱেই আছিল আটাইতকৈ দীৰ্ঘদিনীয়া অনুষ্ঠান আৰু কিছুদিনৰ পিছত স্মৃতি ইৰাণী ৰাজনীতিবিদ হিচাপে পৰিগণিত হয়।


Leave A Reply