Breaking

ৰঙিয়াত বিলাসী বাহনত উদ্ধাৰ চোৰাং গৰু…

0 82

ৰঙিয়াত বিলাসী বাহনত উদ্ধাৰ চোৰাং গৰু ।

বহিঃৰাজ্যৰ দৰে এইবাৰ ৰঙিয়াতো বিলাসী বাহনত দুটাকৈ গৰু উদ্ধাৰ । আৰক্ষীৰ অভিযানত ৰঙিয়া নগৰৰ ৩ নং ৱাৰ্ডৰ বনগাঁওত আৰক্ষীয়ে AS 01 EG 9585 নম্বৰৰ Renault বাহনখনৰ ভিতৰৰ পৰা দুটাকৈ গৰু জব্দ কৰে । লগে লগে আৰক্ষীয়ে অবৈধভাৱে গৰু সৰবৰাহ কৰা হাজোৰ কলিতাকুছি বামুনবাৰীৰ নজৰুল আলীক গ্ৰেপ্তাৰ কৰে । শুক্ৰবাৰে নিশা আৰক্ষীয়ে নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত বনগাঁওৰ নিবাসী ইমাম হুছেইনৰ চৌহদত আৰু ঘৰত অভিযান চলাইছিল ।

এই অভিযানতে বিলাসী বাহনখনৰ ভিতৰৰ পৰা দুটাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে কিছু যন্ত্ৰপাতি, ৰছী আদি উদ্ধাৰ কৰে । ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে ঘৰৰ গৰাকীৰ প্ৰতিটো কোঠালী, ঘৰৰ চৌহদত তন্ন তন্নকৈ পৰীক্ষা কৰে । আৰক্ষীৰ এই অভিযানত এটা বন্ধ গোহালী ঘৰৰ পৰা ১৩ টাকৈ গৰু উদ্ধাৰ কৰে ।

লগে লগে আৰক্ষীয়ে ১৩ টা গৰু আৰক্ষীয়ে জব্দ কৰে । আৰক্ষীয়ে এই গোটেই গৰুবোৰ চুৰি কৰি লৈ অহাৰ সন্দেহ প্ৰকাশ কৰে । ইফালে আৰক্ষীৰ এই অভিযানৰ উমান পাই আন তিনিজন লোকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । উল্লেখ্য যে, কুৰি বছৰৰো অধিক সময় ধৰি ৰঙিয়া নগৰৰ মাজ মজিয়াত ইমাম হুছেইনে অবৈধভাৱে গৰু কটা ঘৰ চলাই আহিছে ।

Leave A Reply