Breaking

নগাঁৱত চোৰাং কাঠ জব্দ

0 94

নগাঁও

লকডাউনৰ মাজতেই নগাঁৱৰ কঠিয়াতলীৰ নেপালী খুঁটিত বন বিভাগে অভিযান চলাই মঙলবাৰে নিশা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। কাৰ্বি আংলং পাহাৰৰ পৰা হৰেন বৰা নামৰ এজন ব্যক্তিয়ে আনি মজুত ৰাখিছিল কাঠখিনি। স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগে হৰেন বৰাৰ ঘৰৰ সমীপৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় কাঠখিনি। ইপিনে বন বিভাগৰ লোক উপস্থিত হোৱাত পলায়ন কৰে হৰেন বৰা। জব্দ কৃত কাঠখিনিৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা হ’ব বুলি বন বিভাগৰ সুত্ৰই জানিবলৈ দিছে।

Leave A Reply