Breaking

চোৰাং ব্যৱসায়ীৰ ভু স্বৰ্গলৈ ৰূপান্তৰিত হৈছে মাজবাট,ওদালগুৰি

0 1,527

গাঞ্জা মাফিয়াৰ দপদপনি । বিঘ্নিত হৈছে -শৈক্ষিক, সমাজিক পৰিবেশ 

ওদালগুৰি জিলাৰ অসম অৰুনাচল সীমান্তৱৰ্তী মাজবাট এতিয়া চোৰাং ব্যৱসায়ীৰ ভু স্বৰ্গলৈ পৰিনত হৈছে ।  গাঞ্জা মাফিয়াৰ দৌৰাত্ম্যই সৰ্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰি তুলিছে ।বিঘ্নিত হৈছে মাজবাটৰ শৈক্ষিক, সামাজিক পৰিৱেশ।প্ৰশ্ন উত্থাপিত হৈছে ৰাজ্য খনৰ  প্ৰতিখন জিলাতে প্ৰশাসনে ‘ড্ৰাগছ ,মাফিয়া আৰু চোৰাং ব্যবসায়ী সকলৰ বিৰুদ্ধে কথোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু বিটিএডি ওদালগুৰি জিলাত বৃদ্ধি পাই অহা গাঞ্জা মাফিয়া সকলৰ বিৰুদ্ধে জিলা তথা স্থানীয় প্ৰশাসনে নমনীয়তা ষ্ঠিতি গ্ৰহণ কৰিছে নেকি। কিযনো অসম অৰুনাচল সীমান্তৱৰ্তী  বৃযৎ মাজবাট এলেকাত নিতৌ লাখ লাখ টকাৰ গাঞ্জা ৰাজ্যখনৰ বিভিন্ন স্থানলৈ সৰবৰাহ হৈ থকাৰ পাছতো স্থানীয় প্ৰশাসনে গম নোপোবাটো আচাৰ্য্যজনক কথা । অ্ৱশ্যে চোৰাং ব্যৱসায়ী সকলে মাজবাটৰ পৰা গাঞ্জা অইন ঠাইলৈ বিপদমুক্ত ভাবে পাৰ কৰিবলৈ  বহু পথ আছে । তথাপি আজি   এটা বছৰৰ আগতে তদানীন্তন মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলে    চোৰাং ব্যবসায়ী সকলৰ বিৰুদ্ধে কথোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত কিছু পৰিমাণে গাঞ্জা মাফিয়া সকলৰ দৌৰাত্মক হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল । কিন্তু শেহতীয়াকৈ প্ৰশাসনৰ এনে সৰলতাৰ সুযোগ গ্ৰহণ কৰি মাজবাটৰ ভিন্ন এলেকাত পুনৰ অভাবনীয ভাবে গাঞ্জা ব্যৱসায়ীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ।  ফলত সহজ লভ্য ধনৰ লোভত একাংশ ফুল কুমলীয়া যুৱকে এই ব্যৱসায়ত জড়িত হৈ পৰাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে গাঞ্জা ব্যবসায়ী   সকলে গাঞ্জা ভৰ্তি পেকেটবোৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ কঢ়িয়াই দিয়াৰ বাবদ ১ হেজাৰৰ পৰা ৫হেজাৰ  টকা পায় ।  অনুৰূপ ধৰনেৰে সেই স্থানৰ পৰা আকৌ অইন এটা স্থানলৈ  (দুৰন্ত অনুযায়ী ) গাঞ্জা কঢ়িয়াই নিয়াৰ বাবত টকাৰ পৰিমাণ বাঢ়ি যোৱাত ইযাৰ লোভতে এনেদৰে বহু যুৱকে এতিয়া এই গাঞ্জা ব্যৱসায়ীৰ সৈতে জড়িত হৈ পৰিছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ।  কেবল যুবক সকলেহে যে এই গাঞ্জা ব্যৱসায়ীত জড়িত হৈ আছে তেনে নহয় । মাজবাট ,ওৰাং আৰু ৰৌতাৰ একাংশ মহিলাও  গাঞ্জা ব্যৱসায়ীত জড়িত হৈ  পৰিছে । এক নিৰ্ভৰযোগ্য সুত্ৰে জানিব পৰা মতে গাঞ্জা কঢ়িয়াই নিয়া বিলাসী গাড়ী খনত  ব্যৱসায়ী জনে সন্মুখৰ আসন খনত  মহিলা সকলক বহুৱাই লয় ।  আৰু  পুলিচে কৰবাত তালাচী  চলালে নিজৰ পত্নী বুলি পৰিচয় দি পুলিচৰ চকুত ধুলি দি এনেদৰে নিতৌ  মাজবাট এলেকাৰ পৰা গাঞ্জা সৰবৰাহ কৰি আছে । ইযাৰ বিনিময়ত মহিলা সকলে ৫ হাজাৰ পৰা ১০  হাজাৰ টকা লাভ কৰে  বুলিও জানিব পৰা গৈছে । গাঞ্জা ব্যৱসায়ৰ মুখ্য দুবাৰ স্বৰূপ অসম অৰুনাচল সীমান্তৱৰ্তী মাজবাটত পূৰ্বৰ পৰাই  গাঞ্জাৰ  ঘাটি বুলি চিহ্নিত হৈ আহিছে যদিও আগৰ তুলনাত আজি ১০ বছৰৰ পৰা মাজবাটৰ ভিন্ন এলেকাত গাঞ্জা  ব্যবসায়ী ৰমৰমীযা হৈ পৰিছে । ফলত ওদালগুৰি জিলাতেই বিঘিনি হৈ পৰিছে শৈক্ষিক,সামাজিক পৰিবেশ ।সময় থাকোতে প্ৰশাসনে ইয়াৰ যথোচিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত এই গাঞ্জা ঘাটি উচ্ছেদ কৰাটো সম্ভব নহব ।আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশমৰ্মে বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে অসমৰ বিভিন্ন অঞ্চলত চলা আৰক্ষীৰ অভিযানৰ সময়তে ৪জুনৰ নিশা ৮.৩০ বজাত ওদালগুৰি চহৰৰ এজন যুৱকক গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে ।ওদালগুৰি আৰক্ষী থানাৰ এটি দলে এক গোপন সূত্ৰৰ পমখেদি ৪জুনৰ নিশা প্ৰায় ৮.৩০ বজাত ওদালগুৰি চহৰৰ ৪নং ৱাৰ্ডৰ  পৰা বিনোদ বসুমতাৰী (৩২) নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই জনোৱা মতে, গোপন খবৰৰ ভিত্তিত ওদালগুৰি নগৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই  যুৱকজনক গ্ৰেপ্তাৰহ কৰা হয়।গ্ৰেপ্তাৰ  কৰাৰ সময়ত সন্দেহযুক্ত ৯.৫কেজি গাঞ্জা  তেওঁৰ জিম্মাৰ পৰা জব্দ কৰাৰ কথা উল্লেখ কৰে। তেওঁৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰি অধিক অনুসন্ধানৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জনাইছে।

Leave A Reply