Breaking

টংলা প্ৰেছ ক্লাৱৰ উদ্যোগত সমাজ কৰ্মী আৰু সাংবাদিক ধনেশ্বৰ ৰাভা সোঁৱৰণী বঁটা প্ৰদান….

0 58

ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা প্ৰেছ ক্লাৱৰ প্ৰাক্তন উপ- সভাপতি, সমাজ কৰ্মী ধনেশ্বৰ ৰাভাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি তেখেতৰ পবিত্ৰ স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ ধনেশ্বৰ ৰাভা সোঁৱৰণী সাংবাদিক আৰু সমাজকৰ্মী বঁটা প্ৰদান অনুষ্ঠানখন টংলাস্থিত পেৰেডাইচ হোটেলত দিনযোৰ কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা ১০ বজাত ফটিক ৰাভাই আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখনত বন্তি প্ৰজ্জ্বলন কৰে ।

সাহিত্যিক পেঞ্চনাৰ ধৰণীধৰ মেধি আৰু স্বৰ্গীয় ধনেশ্বৰ ৰাভাৰ সহধৰ্মিনী সুমিত্ৰা ৰাভাই। টংলা প্ৰেছ ক্লাৱৰ সম্পাদক কৌস্তুমণি শৰ্মাই উদ্দেশ্য বাখ্যা কৰা বঁটা প্ৰদান অনুষ্ঠানখন পৰিচালনা কৰে প্ৰেছ ক্লাৱৰ সভাপতি উৎজ্বল কুমাৰ দাসে।চিনাকি পৰ্ব আঁতধৰে প্ৰেছ ক্লাৱৰ উপ -সভাপতি দিগন্ত কুমাৰ শৰ্মাই।

উক্ত সভাতে সংবাদকৰ্মী ভাৰ্গব কুমাৰ দাসক ধনেশ্বৰ ৰাভা সোঁৱৰণী সাংবাদিক বঁটা, চিকিৎসক লক্ষণ কুমাৰ বড়োক ধনেশ্বৰ ৰাভা সোঁৱৰণী সমাজকৰ্মী বঁটা আৰু অঙ্গনাবাদী কৰ্মী আৰতি মহন্তক ধনেশ্বৰ ৰাভা সোঁৱৰণী সমাজকৰ্মী বঁটা-২০২২ প্ৰদান কৰা হয়।অনুষ্ঠানখনত ওদালগুৰি জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক তপেশ্বৰ ৰাভাই সমাজ কৰ্মী,সাংবাদিক তথা অসমৰ প্ৰথমজন কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা সাংবাদিক ধনেশ্বৰ ৰাভাৰ গুণানুকীৰ্তন কৰে।

আনহাতে বঁটা প্ৰদান অনুষ্ঠান খনত উপস্থিত থাকে ক্ৰমে মঙ্গলদৈৰ দ্যা আসাম ট্ৰিবিউনৰ সাংবাদীক ময়ুখ গোস্বামী, নিউজ লাইফৰ সাংবাদীক হেমন্ত বৰুৱা, অসমীয়া খবৰ কলাইগাওঁৰ সাংবাদীক গিৰিশ শৰ্মা, অসম বক্সি্‍‍ঙ সন্থাৰ কাৰ্যকৰী সভাপতি খৰ্গেশ্বৰ বৰা, কলাই গাওঁ খণ্ড উন্নয়ন কাৰ্যালয়ৰ কৰ্মচাৰী তাপশ্ৰী দাস, সমাজ কৰ্মী ৰবীন্দ্ৰ বড়ো, ছাত্র সংগঠক সঞ্জুক সবৰ আৰু সংবাদকৰ্মী নাৰায়ণ ডেকাই।

টংলাৰ পৰা অৰূপ বড়োৰ ৰিপোৰ্ট

Leave A Reply