Breaking

জনতা ভৱনত জ্যেষ্ঠ নাগৰিক সন্মিলন, দিব্যাংগ ব্যক্তিৰ কেইবাটাও সংগঠন আৰু নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ সৈতে সুকীয়া বৈঠক সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ

0 20

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় বিষয়াৰ উপস্থিতিত অসম জ্যেষ্ঠ নাগৰিক সন্মিলন, দিব্যাংগ ব্যক্তিৰ কেইবাটাও সংগঠন আৰু নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ নৱগঠিত সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে সুকীয়াকৈ তিনিখন পৰ্যালোচনা বৈঠকত মিলিত হয়৷

প্ৰথমতে মন্ত্ৰী হাজৰিকাই অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি বাণেশ্বৰ খাউণ্ডৰ নেতৃত্বত অহা প্ৰতিনিধিবৰ্গৰ পৰা জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ বাবে তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰে৷

অসম চৰকাৰে শেহতীয়াকৈ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে একোখনকৈ পৰিচয় পত্ৰ প্ৰদান কৰা কাৰ্যৰ বাবে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰি সন্মিলনৰ প্ৰতিনিধিবৰ্গই তেওঁলোকৰ কল্যাণমূলক কামৰ বাবে চৰকাৰৰ সহযোগিতাত সন্তোষ্টি প্ৰকাশ কৰে৷

আনহাতে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কৰিব পৰা আন কেইবাটাও কাম আৰু বিষয়ৰ ওপৰত তেওঁলোকে মন্ত্ৰীগৰাকীৰ দৃষ্টিগোচৰ কৰাত মন্ত্ৰী হাজৰিকাই উপস্থিত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্ৰধান সচিবক এই ক্ষেত্ৰত প্ৰয়োজনীয় কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে৷ আনহাতে জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ বাবে ইতিপূৰ্ৱেই সিদ্ধান্ত গ্ৰহণ কৰা অনুসৰি পৰামৰ্শদাতা সমিতি গঠন আৰু সভা অনুষ্ঠিত কৰাৰ বাবেও মন্ত্ৰী হাজৰিকাই বিভাগক নিৰ্দেশনা প্ৰদান কৰে৷

বৈঠকত জ্যেষ্ঠ নাগৰিকসকলৰ পেঞ্চন, স্বাস্থ্যসেৱা আদিৰ বিষয়তো আলোচনা কৰা হয়৷ আনহাতে বিগত বৰ্ষৰ দৰে এই বৰ্ষও অহা ১ অক্টোবৰৰ আন্তঃৰাষ্ট্ৰীয় বয়সস্থ লোকৰ দিৱসটি সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত পালন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰতিনিধি বৰ্গক জানিবলৈ দিয়ে৷

আন এখন বৈঠকত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই অসমৰ দিব্যাংগসকলৰ কেইবাটাও সংগঠনৰ নেতৃবৃন্দৰে তেওঁলোকৰ বিভিন্ন বিষয় আৰু সমস্যাৰ ওপৰত আলোচনা কৰে৷ বৈঠকতে শেহতীয়াকৈ বহুলোকৰ বিশেষভাৱে সক্ষমৰ ভুৱা প্ৰমাণ-পত্ৰ থকা বিষয়টিৰ ওপৰত আলোচনা কৰি বিভাগীয়ভাৱে এই প্ৰমাণ পত্ৰৰ পুনৰীক্ষণ কৰাৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

মন্ত্ৰী হাজৰিকাই এই বিষয়ত বিভাগীয় প্ৰধান সচিবক প্ৰয়োজনীয় কাম হাতত লবলৈ নিৰ্দেশ দিয়ে৷ আনহাতে দিব্যাংগসকলৰ স্বাস্থ্যসেৱাৰ বাবে বিশেষভাৱে সুবিধা বিচৰাৰ ওপৰত আলোচনা কৰি মন্ত্ৰী হাজৰিকাই দিব্যাংগ ব্যক্তিসকলক জনায় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আয়ুষ্মান অসম আচনিৰ অধীনত অসমৰ প্ৰায়সংখ্যক লোককে বছৰি ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰিছে যাৰ সুবিধা দিব্যাংগসকলেও নিশ্চিতৰূপত লাভ কৰিব পাৰে৷

আনহাতে দিব্যাংগসকলৰ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে আন্তৰিকতাৰে কাম কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দিব্যাংগসকলৰ কল্যাণৰ বাবে চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আছে আৰু যেতিয়াই তেওঁলোকৰ কিবা ক’বলগা থাকে তেতিয়াই চৰকাৰে তেওঁলোকক সময় দি বৈঠক অনুষ্ঠিত কৰি আহিছে৷

পাছত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে নতুনকৈ গঠিত হোৱা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ সংস্থাৰ সৈতে আলোচনাত মিলিত হয়৷

ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতী, উপাধ্যক্ষ জিতু বৰগোহাই আৰু বিভাগীয় বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহৰ বৰ্তমানৰ পৰিচালনাৰ বিষয়ে বিষদভাৱে আলোচনা কৰে৷

আনহাতে চৰকাৰৰ স্বাস্থ্য আৰু গৃহ আদি কেইবাটাও বিভাগৰ সৈতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে প্ৰস্তুত কৰি থকা নিচামুক্তি কেন্দ্ৰৰ পৰিচালনাৰ আনুষ্ঠানিক নীতি-নিৰ্দেশনাৰ অগ্ৰগতিৰ বিষয়ে বুজ লৈ মন্ত্ৰী হাজৰিকাই এই বিষয়ে প্ৰধান সচিবক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি শীঘ্ৰে এই নীতি-নিৰ্দেশনা কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে৷

মন্ত্ৰীগৰাকীয়ে বৈঠকত কয় যে নিচামুক্তি কেন্দ্ৰসমূহ চলি থাকিবলৈ কেন্দ্ৰসমূহত অতি প্ৰয়োজনীয় সুবিধাসমূহ থাকিবই লাগিব৷ আনহাতে ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহক ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ অধীনত বাধ্যতামূলক পঞ্জীভুক্ত কৰাৰ বাবেও আজিৰ বৈঠকত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

Leave A Reply