Breaking

মটক জনগোষ্ঠীৰ বিশিষ্ট বুৰঞ্জীবিদ, সমাজ বিজ্ঞানী তৰুণ গগৈক সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ প্ৰদান

0 70

অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ,কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শনিবাৰে বালিজান নাহৰণি জনকল্যাণ সংঘৰ খেলপথাৰত ’বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ প্ৰদান অনুষ্ঠানটি সুকলমে অনুস্থিত হৈ যায়।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই উক্ত অনুষ্ঠানৰ মুকলি সভাৰ আদৰণি ভাষণত কয় ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ বিচক্ষণ সেনাপতি আছিল বীৰপুৰুষ মতাটুকুৰা বৰুৱা।

এইগৰাকী মহান বিপ্লৱী নেতা অকল যোদ্ধাই নহয়, তেখেত আছিল একাধাৰে সেনাপতি,নিপুণ শিল্পী,সু-সংগঠক আৰু ধৰ্ম পৰায়ণ ব্যক্তি।কালৰ কুটিল গ্ৰাসত এই মহান বিপ্লৱী নেতাগৰাকীৰ মূল্যায়ণ তেনেই সীমিত। সেয়েহে বীৰপুৰুষ গৰাকীক সন্মান জনাই তেখেতৰ কৰ্মৰাজিক জগতসভাত চিনাকী কৰাই দিবলৈ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে প্ৰৱৰ্তন কৰিছিল ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’।


সেয়েহে বেংমৰা মটক ৰাজ্যৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগবঢ়োৱা বিচক্ষনতাৰ ফলশ্ৰুতিত যি বঁটা প্ৰদানৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ উক্ত বঁটাটি ‘বীৰ পুৰুষ মটাটুকুৰা বৰুৱা সমন্বয় বঁটা’ প্ৰদান অনুষ্ঠানটিৰ মুকলি সভাৰ শুভ মুহূৰ্তত অসমী আইৰ সুযোগ্য সন্তান ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ বিশিষ্ট লেখক,বুৰঞ্জীবিদ,সমাজ বিজ্ঞানী,চিন্তাবিদ তৰুণ গগৈক ‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ৰ এখনি প্ৰশস্তিপত্ৰ সহ শৰাই ,চেলেং,স্মাৰক প্ৰদান কৰা হয়।

মুকলি সভাৰ সভাপতি কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সত্য গোঁহাই। মুখ্য অতিথি হিচাপে উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা ,সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ কুমাৰ গোঁহাই,মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোঁহাই,তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোঁহাই,সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা উদয় শংকৰ মহন,উপ সভাপতি নিযুত বৰা আৰু বিজু বৰুৱা,সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ধৰণী গোঁহাই,সহ: সম্পাদক দেৱজীত বৰুৱা,মটক স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সৰুজ গোঁহাই,উপাধ্যক্ষ দেৱঋষি চেতিয়া,আটাছুৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাই,টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভিগু হাতীমূৰীয়া,বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সভাপতি হেমন্ত বৰা,সচিৱ ৰণ্টু পানী ফুকণ,অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত সচিৱ দিপক কুমাৰ বৰুৱা,বিশিষ্ট সাংস্কৃতিক কৰ্মী শৈলেন কুমাৰ বৰুৱা,বিশিষ্ট কবি,লেখক অমৃত ৰাজখোৱা,আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহ: সম্পাদক লাজাৰ নন্দ,সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী বিজয়া বৰুৱা,সমাজ সেৱিকা ঝৰণা গগৈ, দিনজয় জিলা পৰিষদৰ সদস্য অমল শইকীয়া,পানীতোলাৰ সমাজ সংগঠক মৃদুপৱন চেতিয়া,বালিজান নাহৰণিৰ জনকল্যাণ সংঘৰ সভাপতি বিনোদ কাকতি,সম্পাদক হৰিশ বড়া,উদ্‌যাপন সমিতিৰ সভাপতি ক্ষিৰোদ কাকতি,যুটীয়া সম্পাদক চানজ্যোতি বৰুৱা, মটক জনগোষ্ঠীৰ সমাজ সেৱক বলীন চেতিয়া।

Leave A Reply