Breaking

ঘগ্ৰাপাৰত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে পোষণ বাছ সেৱাক আদৰিলে সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীয়ে

0 2,026

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যলয়ত আজি   পুৱা  সমাজ কল‍্যাণ বিভাগৰ সৌজন্যত পোষণ মাহ উপলক্ষে জন সজাগতা বৃদ্ধি বাবে  বিশেষ বাছ  পোষণৰ সম্পূৰ্ণ তথ্যৰে সমৃদ্ধ “পোষণ ওৱান হুইলছ” পোষণ বাছখনক  আদৰণি জনায়।এই অনুষ্ঠানটি মুকলি কৰি ঘগ্ৰাপাৰ চি ডি পি অ’ অফিচৰ ভাৰপ্ৰাপ্ত বিষয়া- নাছৰিন চুলতানাই ।  ভাষণত চুলতানাই কয়  অপুষ্টিৰ পৰা দেশক মুক্ত কৰাৰ অৰ্থে দেশৰ শিশু,কিশোৰ আৰু মহিলাসকলক পুষ্টিহীনতামুক্তা,সুস্থ আৰু সবল কৰিবলৈ বিগতবছৰসমুহৰ দৰে এইবেলিও পোষণ মাহ পালন কৰে।লগতে এই বিশষ বাছ পোষণৰ জৰিয়তে অসমত জন সজাগতা বৃদ্ধি পোষকতা কৰিছে বুলি সদৰী কৰে।অনুষ্ঠানত  প্ৰকল্পটোৰ অন্তৰ্গত ১৪৩ টা অংগৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়িকা, ছুপাৰভাইছাৰ ভাইজাৰ ক্ৰমে-ভানু দেৱী,বিনা মহন্ত,বিনীতা দেৱী,ৰোনুমি দেৱী,ভাৰতী মেধি,কাৰ্যালয়ৰ সহায়ক  দীপক চৌধুৰী , কাৰ্যালয় সহায়ক  চোহৰাৱ আলী, পোষণ অভিযানৰ খণ্ড প্ৰকল্প সহায়ক তপন ভট্টাচাৰ্য আদিয়ে অংশগ্ৰহণ কৰে।

Leave A Reply