Breaking

প্ৰয়াত সমীৰণ বৰদলৈৰ জন্মদিন উপলক্ষে সমাজৰ দিন উদযাপন

0 66

অসম আন্দোলনৰ অগ্ৰণী নেতা, অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান, বিশিষ্ট ক্ৰীড়া তথা সমাজ সংগঠক প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ ৬৫ সংখ্যক জন্মদিন উপলক্ষে সমীৰণ বৰদলৈ স্মৃতি ৰক্ষা সমিতি আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহ প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে “সমাজৰ দিন” উদযাপন কৰা হয়।

প্ৰয়াত বৰদলৈদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে সহধৰ্মিনী শিখা বৰদলৈয়ে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। ইয়াৰ পাছতে বিশিষ্ট শিল্পী জয়ন্ত নাথে মংগলাচৰণ পৰিৱেশন কৰি প্ৰয়াত বৰদলৈদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই সমীৰণ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ললিত বৰাই সভাপতিত্ব কৰা গাম্ভীৰ্যপূৰ্ণ সভাখন সঞ্চালনা কৰে স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে।

সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশিষ্ট ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী ননী দত্ত দেৱে তেওঁৰ বক্তব্যত কয় , স্বাধীনোত্তৰ কালত যোৰহাটত জন্মগ্ৰহণ কৰা এগৰাকী শ্ৰেষ্ঠতম যোৰহটীয়া হিচাপে ভৱিষ্যতৰ দিনটো প্ৰয়াত সমীৰণ বৰদলৈৰ নাম চিৰিদন অক্ষয় অৱস্থাত স্বৰ্ণিল অক্ষৰেৰে লিপিবদ্ধ হৈ ৰ’ব।

ত্যাগ আৰু অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ জৰিয়তে অসমৰ সাহিত্য, সমাজ আৰু ক্ৰীড়া ক্ষেত্ৰৰ লগতে বৌদ্ধিক সমাজক নেতৃত্ব প্ৰদান কৰা ব্যক্তিত্বৰ কথা মনলৈ আনিলেই সমীৰণ বৰদলৈ দেৱৰ কথা মনলৈ আহে বুলি ব্যক্ত কৰে। ভাল চিন্তা আৰু ভাল কৰ্মৰাজি বিয়পাই নিয়াৰ চিন্তাৰে সমৃদ্ধ সমীৰণ বৰদলৈৰ জীৱন এক মাইলৰ খুঁটি বুলি তেওঁ অভিহিত কৰে। লগতে ননী দত্তদেৱে প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ স্মৃতি সজীৱ কৰি ৰখাৰ স্বাৰ্থত এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে সমীৰণ বৰদলৈ স্মৃতি ৰক্ষা সমিতি আৰু সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাক ভূয়সী প্ৰশংসা কৰে।

ছাত্ৰ তথা নৱ প্ৰজন্মৰ মাজত প্ৰয়াত বৰদলৈদেৱৰ কৰ্মৰাজি প্ৰচাৰ আৰু বিস্তাৰৰ স্বাৰ্থত জোনাকী সংঘ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ প্ৰাংগনদ্বীপ বৰাই বৰদলৈদেৱৰ জীৱন বৃত্তান্ত সুন্দৰ বক্তৃতাৰে দাঙি ধৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জিতু নেওগ , ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দীপ দত্ত উপস্থিত থকা অনুষ্ঠানটোত এইবর্ষৰ ‘সমাজপ্ৰাণ সমীৰণ বৰদলৈ সমাজ হিতৈষী বঁটা ২০২৩’ আনুষ্ঠানিকভাৱে যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী আনন্দ আগৰৱালাদেৱক প্ৰদান কৰা হয়।

বিগত বৰ্ষৰ পৰা বিশেষ বঁটা নিৰ্বাচনী সমিতিৰ জৰিয়তে প্ৰদান কৰি অহা এই বঁটাটিৰ সন্দৰ্ভত স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয় , বিগত সময়চোৱাত নিঃস্বাৰ্থভাৱে অত্যন্ত আন্তৰিকতাৰে আনন্দ আগৰৱালাদেৱে সমাজৰ স্বাৰ্থত সেৱা আগবঢ়াই আহিছে। সেউজীয়া যোৰহাট গঢ় দিয়াৰ লক্ষ্যৰে নগৰৰ বিভিন্ন স্থানত বৃষৰোপন আৰু প্ৰতিপালন,গড়মূৰৰ শ্মশান উন্নয়ন , যোৰহাটত তিনিখনকৈ এম্বুলেন্স বিতৰণ , তিনিটা ৰাজহুৱা প্ৰস্ৰাৱগাৰ নিৰ্মাণকে ধৰি ৪৫০গৰাকী ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ সমস্ত দায়িত্ব বহন কৰি ডাক্তৰ, অভিযন্তা , অধিবক্তা ইত্যাদি হোৱাৰ পথ প্ৰশস্ত কৰাৰ লগতে সুনাগৰিক হিচাপে গঢ় দিয়াৰ বাবে অহৰহ প্ৰচেষ্টা কৰি আহিছে।

ইয়াৰোপৰি যোৰহাটৰ বিভিন্ন সমাজক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সমাজক্ষেত্ৰখনৰ সৈতে জড়িত এইগৰাকী ব্যক্তিক বঁটা প্ৰদান কৰিবলৈ পাই উদ্যোক্তা সকলেও ধন্য মানিছে। জাপি,গামোছা,পাতৰ চেলেং চাদৰ,সফুঁৰা,সম্বৰ্ধনা পত্ৰ সহিতে বঁটাটি লাভ কৰি বঁটাপ্ৰাপকগৰাকীয়ে কয় , প্ৰয়াত সমীৰণ বৰদলৈৰ পৱিত্ৰ সোঁৱৰণত প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি নিজকে ধন্য মানিছে আৰু উৎসাহিত হোৱাৰ লগতে যথেষ্ট অনুপ্ৰেৰণা লাভ কৰিছে। লগতে কয় , ছাত্ৰ সন্থা আৰু স্মৃতি ৰক্ষা সমিতিৰ এই মহৎ পদক্ষেপক শলাগ লোৱাৰ লগতে যোৰহাটৰ সমাজজীৱনত সমীৰণ বৰদলৈ সদায় ধ্ৰুৱতৰা হৈ জিলিকি ৰ’ব বুলি ব্যক্ত কৰে। উল্লেখ্য যে উক্ত বঁটাটিত নগদ ধনৰ ব্যৱস্থা আছিল যদিও বঁটাপ্ৰাপকগৰাকীয়ে সেই নগদ ধন গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য প্ৰকাশ কৰে।

অনুষ্ঠানটোত উপস্থিত থাকি প্ৰয়াত সমীৰণ বৰদলৈদেৱৰ সহধৰ্মিনী শিখা বৰদলৈয়ে ছাত্ৰ সন্থা আৰু স্মৃতিৰক্ষা সমিতিৰ এইয়া এক মহৎ প্ৰচেষ্টা বুলি ব্যক্ত কৰাৰ লগতে সমীৰণ বৰদলৈদেৱক সমাজজীৱনত জীয়াই ৰখাৰ ক্ষেত্ৰত এনে প্ৰচেষ্টা হাতত লোৱা স্মৃতি ৰক্ষা সমিতি আৰু ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰে।

ইয়াৰ পাছতে বঁটাপ্ৰাপক আনন্দ আগৰৱালাদেৱক যোৰহাট মহকুমা ছাত্ৰ সন্থা,যোৰহাট জিলা সাহিত্য সভা,যোৰহাট জিলা ক্ৰীড়া সন্থা,অসম বকুলবন সমাজ,সংগীত শিল্পী সন্থা যোৰহাট,জ্যোতি চিনে ক্লাৱ,তৰাজান সন্মিলন,কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতি যোৰহাট,যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থা, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ, মাৰোৱাৰী ঠাকুৰবাৰী সমিতি, এন জে প্ৰডাকশ্যন এণ্ড এন জে মিডিয়া, সাহস, আজু,যোৰহাট জিলা টেবুল টেনিছ সন্থা, লায়ন্স ক্লাৱ অব যোৰহাট, জাতীয় বিদ্যালয় শিক্ষা বিকাশ সমিতি, পোহৰ লাইভ-৮, ব্ৰিলিয়েন্স একাডেমী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি, যোৰহাট জিলা পেৰা খেল সন্থা,ছেমফৰ্ড ফিউচাৰিষ্টিক স্কুল, তৰাজান শ্মশান সমিতি, জেইল ৰোড ক্লাৱ, নৱোদয় ক্লাৱ, সময় ক্লাৱ,বন্ধু-৮৯, ধৰিত্ৰী মহিলা সংঘ,ভাৰ্গ একাডেমী, যোৰহাট জিলা টাইকোৱানডো সন্থা, গণ অধিকাৰ সংগ্ৰাম সমিতি, দিশ, ইন্দ্ৰপ্ৰস্থ উন্নয়ন সংস্থা, যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, বালিগাওঁ আঞ্চলিক ছাত্ৰ সন্থা, কাকজান আঞ্চলিক ছাত্ৰ সন্থা, মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থা, বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা আদিয়ে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

প্ৰয়াত সমীৰণ বৰদলৈ অধিকাংশ সৃষ্টিৰ অধিকাংশই নিজৰ কম্পিউটাৰত সংৰক্ষণ কৰি ৰখা বিশিষ্ট কাৰুকাৰ্য্য শিল্পী সন্জীৱ দত্তই বক্তব্য ৰখা সভাখনত প্ৰায় দুই শতাধিক লোক আৰু দুকুৰি অনুষ্ঠান-সংগঠনৰ প্ৰতিনিধি,যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী,আছুৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ড, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধক্ষ্য ড০ বিমল চন্দ্ৰ বৰা, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী আদি উপস্থিত থাকে।

সভাৰ অন্তত এক আছুতীয়া সাক্ষাৎকাৰত স্মৃতি ৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয়, প্ৰয়াত বৰদলৈদেৱৰ চিন্তাৰ বাটেদি সমাজ উপকৃত হ’ব পৰাকৈ সমাজখনৰ সৈতে নিবিড়ভাৱে সংপৃক্ত হৈ থকা যি সমল তেওঁ এৰি গৈছে তাৰ দ্বাৰা যাতে নতুন প্ৰজন্মই এক গতি লাভ কৰিব পাৰে সেই চিন্তাৰ লগতে সমীৰণ বৰদলৈ দেৱক চিৰসজীৱ কৰি সমাজত জীয়াই ৰখাৰ উদ্দেশ্য আগত ৰাখিয়েই ছাত্ৰ সন্থা আৰু সমীৰণ বৰদলৈ স্মৃতিৰক্ষা সমিতিয়ে তেওঁৰ ৬৫ তম জন্মবাৰ্ষিকী আজি ৰাজহুৱা পৰিৱেশত উদযাপন কৰিছে। আগন্তুক দিনটো অধিক নতুনত্ব আৰু গতিশীলতাৰে এই অনুষ্ঠান আগুৱাই নিয়া হ’ব বুলিও বৰদলৈয়ে ব্যক্ত কৰে।

Leave A Reply