Breaking

ডবকাত ভূ-মাফিয়াৰ দৌৰাত্ম্য

0 1,036

ডবকা, ২৮ নৱেম্বৰ : ডবকাত অস্তিত্বৰ সংকটত আদিম যুগৰ লোকৰ পৰিয়ালৰ সদস্য। ভাৰত স্বাধীন হোৱাৰ পুৰ্বে ডবকাৰ দাতিকাষৰীয়া অঞ্চল চন্দান পুৰত বাস কৰিছিল চন্দান মিঞা নামৰ এজন লোক। চন্দান মিঞাৰ নামেৰে গাওঁখনৰ নাম নমাকৰণ হয় চন্দানপুৰ। সেই চন্দান মিয়াৰ পৰিয়াল আজি অস্তিত্বৰ সংকটত পৰি ককবকাইছে । কুতুবুদ্দিনৰ বৰদেউতাৰ নাম আছিল চন্দান মিঞা। সহজ সৰল লোকৰ পৰিয়ালটোৰ মাটি এটা বৃহৎ চক্ৰই জালিয়াতিৰে বিক্ৰী কৰাৰ অভিযোগ কুতুবুদ্দিনৰ । উপাইহীন হৈ পৰিয়ালটোৱে শংকৰদেৱ নগৰ মুন্সিফ আদালতৰ দ্বাৰস্থ হৈছে। আদালতত T. S 461/17 নম্বৰৰ গোচৰ চলি আছে আব্দুল লতিফ, আব্দুল হামিদ সহ এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে। হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়তো কুতুবুদ্দিন আৰু চালেহা বেগমে গোচৰ তৰাত কাৰ্যবাহী দণ্ডাধীশ ধ্ৰুৱজ্যোতি নাথৰ আদালতে M/R গোচৰ নং 174/2019  ‘U/S 107/146 CRPCত গোচৰ চলি আছে যদিও  চক্ৰটোৱে প্ৰায় তিনিবাৰকৈ হাজিৰ হোৱা নাই বুলি বিস্ফোৰক অভিযোগ কুতুবুদ্দিনৰ ।আদালত গোচৰ চলি থকাৰ সময়তে চক্ৰ টোৱে মাটি ডোখৰ পুজিপতিৰ হাতত বিক্ৰী কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে কুতুবুদ্দিনে। হোজাই জিলাত সহজ সৰল দুখীয়া লোকৰ মাটি সম্পত্তি হজম কৰাৰ এক প্ৰকাৰ প্ৰতিযোগিতা আৰাম্ভ হৈছে বুলি ব্যাপক চৰ্চা চলিছে। বৃহৎ ভুমাফিয়াৰ নেটৱৰ্ক সৃষ্টি কৰি এটাৰ পিছত আন এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰিছে যদিও জিলা প্ৰশাসনৰ  নিৰৱ ভূমিকাত সচেতন মহলেও উদ্বেগ প্ৰকাশ কৰিছে।

Leave A Reply