Breaking

কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…

0 53

আলিয়া ভাটৰ পৰা আৰম্ভ কৰি ঐশ্বৰ্য ৰায় বচ্চন, ৰণবীৰ কাপুৰ – বলীউডৰ তাৰকাসকলৰ ‘ভাল নাম’ সকলোৱে জানে কিন্তু তেওঁলোকৰ ঘৰত মতা নাম বহুতে নাজানে। আজি আপোনালোকক জনাম বলীউদৰ তাৰকাসকলক মৰমতে মতা নাম সমূহৰ বিষয়ে-


বলীউডৰ তাৰকা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কন্যা ৰাহা কাপুৰে ছবিক চাৰিওপালে বিয়পি পৰিছে। অৱশ্যে বহুতে নাজানে ৰাহাৰ পিতৃক মৰমেৰে কি নামেৰে মতা হয়। ৰণবীৰৰ ঘনিষ্ঠ বন্ধুসকলে অভিনেতাজনক আৰ কে বুলি কয়। আনহাতে কাপুৰ পৰিয়ালৰ লোকে ৰণবীৰক মৰমেৰে ৰেমণ্ড বুলি মাতে।
আলিয়া ভতৰো এটি মৰমলগা নাম আছে। পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীয়ে অভিনেত্ৰীগৰাকীক আলু বুলি মাতে।

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছক কিশোৰী অৱস্থাত ঘনিষ্ঠ বন্ধুসকলে মৰমেৰে কালু বুলি মাতিছিল।

জনপ্ৰিয় অভিনেতা বৰুণ ধাৱনক বন্ধু-বান্ধৱীয়ে পাপ্পু বুলি মাতে।

বচ্চন পৰিয়ালৰ বোৱাৰী তথা অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনক তেওঁৰ ঘনিষ্ঠ বন্ধুৱে গুল্লু বুলি মাতে।

অভিনেত্ৰী অনুষ্কা শৰ্মাক নুক্ষী বুলি তেওঁলোকৰ পৰিয়ালৰ লোকে মাতে।

বলীউডৰ অভিনেতা হৃতিক ৰোশনক মৰমেৰে দুগ্গু বুলি কয়। অৱশ্যে অভিনেতাজনক এই নামেৰে মাতে কেৱল তেওঁৰ ঘনিষ্ঠ লোকে।

কাপুৰ পৰিয়ালৰ দুই কন্যা কৰিশ্মা কাপুৰ আৰু কৰীনা কাপুৰ খানক বি বুলি মাতে জানেনে। কৰীনাৰ নাম বেব’ আৰু কৰিশ্মাৰ নাম লোলো।

Leave A Reply