Breaking

পৰিয়ালত কিবা সমস্যা! হঠাতে দক্ষিণ আফ্ৰিকাৰ পৰা ঘৰলৈ উভতি আহিল বিৰাট কোহলী…

0 36

দক্ষিণ আফ্ৰিকাৰ পৰা ততাতৈয়াকৈ ঘৰলৈ উভতি আহিল কোহলী। তেওঁ পাৰিবাৰিক কাৰণত পৰিষদৰ অনুমতি লৈ দেশলৈ উভতি আহিছে বুলি জানিব পৰা গৈছে। ফলত কোহলীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথম টেষ্টত খেলিব পাৰিব নে নাই সেয়া অনিশ্চিত হৈ পৰিছে। জানিব পৰা মতে বিৰাট কোহলীয়ে বোৰ্ডৰ অনুমতিলৈ তিনিদিনীয়া অনুশীলন মেচো খেলা নাছিল। বিৰাটে জৰুৰী ভিত্তিত দেশলৈ উভতি আহিছে বুলি জনা গৈছে যদিও তেওঁ প্ৰকৃততে কি কাৰণত এনেদৰে খৰখেদাকৈ দেশলৈ উভতি আহিছে সেয়া এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই। ব’ৰ্ডৰ মতে, প্ৰথম টেষ্টৰ পূৰ্বে বিৰাটে দক্ষিণ আফ্ৰিকালৈ যাব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট ২৬ ডিচেম্বৰত আৰম্ভ হ’ব।

উল্লেখ্য বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মা দ্বিতীয়বাৰৰ বাবে মাক হ’বলৈ ওলাইছে বুলি খবৰ ওলাই আছে। পত্নীৰ কিবা অসুবিধা হোৱাৰ বাবেই বিৰাটে হঠাতে দেশলৈ উভতি আহিছে বুলি বহুতে ধাৰণা কৰিছে। ১৯ ডিচেম্বৰত অনুষ্কাই তেওঁৰ ছ’চিয়েল মিডিয়া পৃষ্ঠাত এটা ভিডিঅ’ পোষ্ট কৰিছিল। ভিডিঅ’টো চাই অনুৰাগীসকলে ধাৰণা কৰিছে যে নায়িকাগৰাকীয়ে হয়তো দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে। অৱশ্যে সেই কাৰণতে বিৰাট দেশলৈ উভতি আহিছিল নে নাই জনা নাযায়।


এই বছৰৰ বিশ্বকাপত বিৰাট মহান ফৰ্মত আছিল। তেওঁ এদিনীয়া বিশ্বকাপৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হৈছিল। যদিও ভাৰতে বিশ্বকাপ জিকিব নোৱাৰিলে তথাপি বিৰাটে দলৰ প্ৰতি যোগোৱা অৱদানক সকলোৱে স্বীকাৰ কৰিছে।

Leave A Reply