Breaking

কেতিয়াবা গাড়ীৰে, কেতিয়াবা বাইকেৰে ১০খন চহৰৰ আশে-পাশে! অমৃতপালে কেনেকৈ ৩৭ দিন আৰক্ষীক ফাঁকি দিলে

0 102

একেৰাহে ৩৭ দিন পুলিচক বোকা পানী খুৱালে অমৃতপালে। ইয়াৰ পিছতে গুৰদ্বাৰাত ভাষণ দি অমৃতপাল সিঙে নাটকীয়ভাৱে আত্মসমৰ্পণ কৰে। পঞ্জাৱ আৰক্ষীৰ তথ্য অনুসৰি অমৃতপালৰ হাতত আত্মসমৰ্পণৰ বাহিৰে আন উপায় নাছিল। চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল। কিন্তু তাৰ আগতে অমৃতপালে বাৰে বাৰে আৰক্ষীক ফাঁকি দিছে। ১০খন চহৰত আৰক্ষীয়ে তেওঁক ধৰিবলৈ চেষ্টা চলাইছিল। তেওঁৰ সৈতে মুঠ ৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

১৮ মাৰ্চৰ পৰা অমৃতপালত ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে; আৰু তেতিয়াৰ পৰা এই খলিস্তানী নেতাই বাৰে বাৰে নিজৰ স্থান সলনি কৰি আছে। অভিযানৰ অন্তত প্ৰথমে দেখা গৈছিল এখন মাৰ্চিডিজ গাড়ীত অমৃতপালক। তেওঁৰ লগত এজন সহযোগী আছিল। ইয়াৰ পিছত তেওঁলোকে চাৰিখন গাড়ীৰে পলায়ন কৰে। আৰক্ষীৰ চেকপইণ্টত কনভয়টো ৰখাই দিয়ে আৰক্ষীয়ে। কিন্তু বেৰিকেড ভাঙি পলায়ন কৰিলে অমৃতপাল।

আৰক্ষীৰ মতে, অমৃতপালে মাৰ্চিডিজৰ পৰা নামি ব্ৰেজা গাড়ীত খুন্দা মাৰে। তাৰ পৰা নামি বাইকেৰে ১০ৰ পৰা ১২ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ পিছত খালিস্তানী নেতাজনে আন এখন বাইকত উঠিল। ১৮ মাৰ্চৰ নিশা জলন্ধৰৰ পৰা লুধিয়ানাত প্ৰৱেশ কৰিছিল অমৃতপালে। যদিও তেওঁৰ চাৰিজন সংগী জলন্ধৰতে থাকি গ’ল। সেই নিশা অমৃতপালে শেখপুৰাৰ গুৰদ্বাৰাত প্ৰায় এঘণ্টা সময় কটালে। আৰক্ষীৰ মতে, গুৰদ্বাৰাৰ গ্ৰন্থীয়ে অমৃতপালক এখন স্কুটি আৰু এখন বাইক দিছিল। নিশা প্ৰায় ৯:৩০ বজাত এখন স্কুটিৰে পলায়ন কৰে খালিস্তানী নেতাগৰাকী। গ্ৰন্থিৰ নেতাজনে বাইকখন চলাইছিল। আনখন বাইকত আছিল অমৃতপালৰ ঘনিষ্ঠ সহযোগী পাপলপ্ৰীত। সি সিফাললৈ গ’ল।

অলপ পিছতে এখন ছবি ওলাই পৰিল। য’ত অমৃতপালক গোলাপী ৰঙৰ পাগুৰি পিন্ধি বাইক চলোৱা দেখা যায়। চকুত ছানগ্লাছ। ২০ মাৰ্চত অমৃতপলে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত উপস্থিত হয়। তাত তেওঁক চৰকাৰী বাছত উঠা দেখা যায়। অমৃতপাল আৰু পাপলপ্ৰীতে হাৰিয়ানাৰ এগৰাকী মহিলাৰ ঘৰত আশ্ৰয় লৈছিল। পিছত বলজিৎ কৌৰ নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

চিচিটিভিৰ ফুটেজত দেখাৰ দৰে ২১ মাৰ্চত অমৃতপাল দিল্লীত আছিল। তেওঁৰ নতুন চেহেৰা এটা আহিল। মূৰত পাগুৰি নাই। চুলি চুটিকৈ কটা। ইয়াৰ পিছত ২৩ মাৰ্চত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত দেখা গৈছিল অমৃতপালক। তাৰ পৰাই তেওঁ পুনৰ জলন্ধৰলৈ গ’ল। সূত্ৰ অনুসৰি অমৃতপালে জলন্ধৰলৈ গৈ এটা আন্তঃৰাষ্ট্ৰীয় চেনেলত সাক্ষাৎকাৰ দিয়াৰ পিছত আত্মসমৰ্পণৰ কথা ভাবিছিল। কিন্তু তাৰ আগতে আৰক্ষীয়ে তেওঁক বিচাৰি পালে। হোছিয়াৰপুৰত আৰক্ষীয়ে ঘৰে ঘৰে তালাচী চলায়। কিন্তু বিফল হ’ল। তাৰ পৰাও অমৃতপাল পলাই গ’ল।

তদন্তত আৰক্ষীয়ে জানিব পাৰিলে যে অমৃতপালে আত্মসমৰ্পণৰ পূৰ্বে কেইবাটাও গুৰদ্বাৰত আশ্ৰয় লৈছিল। লুধিয়ানাৰ গুৰদ্বাৰা লংগাৰ চাহাব, নন্দেদ চাহাব, পিলভিত, সাহনেৱালত আশ্ৰয় লৈছিল। ২৮ মাৰ্চতো অমৃতপালে হোছিয়াৰপুৰৰ পৰা পলায়ন কৰে। অৱশ্যে তেওঁৰ সহযোগী পাপলপ্ৰীতক গ্ৰেপ্তাৰ কৰা হয়। অমৃতপলে দ্বিতীয়বাৰৰ বাবে পঞ্জাৱত প্ৰৱেশ কৰাৰ পূৰ্বে উত্তৰ প্ৰদেশৰ পিলভিটৰ মোহনপুৰ গুৰদ্বাৰাত আশ্ৰয় লৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। সেই গুৰদ্বাৰাৰ মুৰব্বী মোহন সিঙৰ গাড়ীত উঠি তেওঁ পলায়ন কৰে। অমৃতপাল ফাগোৱাৰা স্ক’ৰপিঅ’ গাড়ীত আহি উপস্থিত হ’ল। ইয়াক পৰিচালনা কৰিছিল জোগা সিং নামৰ এজন ব্যক্তিয়ে। পিছত তেওঁক লুধিয়ানাৰ সাহনেৱালৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

অমৃতপালৰ বিৰুদ্ধে বৰ্ণ বৈষম্য, হত্যাৰ চেষ্টা, আৰক্ষীক আক্ৰমণ আৰু আৰক্ষীৰ কামত বাধা দিয়াৰ গুৰুতৰ অভিযোগ। একাংশ সূত্ৰই দাবী কৰিছে যে দেওবাৰে পুৱাই অমৃতপালে নিজেই মোগা চহৰৰ এটা গুৰুদ্বাৰাৰ সন্মুখত আৰক্ষীৰ কাষ চাপিছিল। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি অমৃতসৰলৈ লৈ যোৱা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি অমৃতপালক অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ বদলি কৰা হৈছে। তেওঁৰ আন সহায়কসকলকো তাতেই ৰখা হয়। অমৃতপালৰ দলৰ আন ৮ জন সদস্যক অসম কাৰাগাৰত ভৰ্তি কৰা হৈছে।

Leave A Reply