বহু প্ৰত্যাশিত আনুষ্ঠানিকভাৱে গঠন হোৱা অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠী হিচাপে পৰিচিত মটক স্বায়ত্ব শাসিত পৰিষদৰ বিষয়ববীয়াসকলে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে । অসম চৰকাৰৰ দিছপুৰস্থিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যান বিভাগৰ সঞ্চালকালয়ৰ সভা কক্ষত আজি পূৱা ১১ বজাত শপত গ্ৰহণ কাৰ্যসূচী সম্পন্ন হয়। সঞ্চালকালয়ৰ সচিব শ্ৰীযুতা মীনা পেগুয়ে শপত পাঠ কৰোৱা অনুষ্ঠানত ডেপুটি ডাইৰেক্টৰ যাদৱ পেগুদেৱ উপস্থিত থাকে । আজি শপত গ্ৰহণ অনুষ্ঠানত সদস্য চান্দ কুমাৰ গোহাঁইৰ বাহিৰে উপস্থিত থকা পৰিষদৰ মনোনীত বিষয়ববীয়াসকল হৈছে- চেয়াৰমেন সৰোজ গোহাঁই ( তিনিচুকীয়া), ভাইচ চেয়াৰমেন দেৱৰ্ষি চেতিয়া ( ডিব্ৰুগড়, চাবুৱা), মুখ্য কাৰ্যবাহী ডেভিদ চেতিয়া ( ডিব্ৰুগড় , ফুটাহলা) , কাৰ্যবাহী পৰিষদবৰ্গ হ’ল ক্ৰমে- অমূল্য সেনাপতি ( কামৰূপ), স্বৰূপজ্যোতি চেতিয়া( ডিব্ৰুগড়, চাবুৱা), দেৱজিৎ ৰাজখোৱা ( ডিব্ৰুগড়, চাবুৱা), যতীন দিহিঙ্গীয়া (ডিব্ৰুগড়), নৱজ্যোতি শইকীয়া ( ডিব্ৰুগড়,পুলুঙা), বিমল বৰুৱা (ডিব্ৰুগড়, জেৰাই), আনন্দ চেতিয়া (তিনিচুকীয়া,বৰহোলা), অনন্ত গগৈ ( ডিব্ৰুগড়, খাঞ্জিখোৱা), সদস্যবৰ্গ হৈছে- শুক্লধৰ ফুকন (ডিব্ৰুগড়,চাবুৱা), ৰূপালী গোহাঁই (তিনিচুকীয়া), নিৰেণ শইকীয়া ( ডিব্ৰুগড়,পুলুঙা) , তুষাৰ ৰঞ্জন চেতিয়া (ডিব্ৰুগড়, বামুনীয়াহিলৈধাৰী ), প্ৰাণদ্বীপ মহন (শিৱসাগৰ,বানমুখ) পদ্মাৱতী গগৈ (ডিব্ৰুগড় ফুটাহলা) শান্তা গগৈ (লক্ষীমপুৰ), পূৰ্ণানন্দ বুঢ়াগোহাঁই (তিনিচুকীয়া) , মাখন চেতিয়া ( ডিব্ৰুগড়,দিনজয়) স্বৰ্ণলতা শইকীয়া (তিনিচুকীয়া)ধৰ্মানন্দ কোঁৱৰ (ডিব্ৰুগড় লাহোৱাল), দীপজয় শইকীয়া (ডিব্ৰুগড়,বকুল মাজগাঁও) আৰু দুৰ্লভ কোঁৱৰ ( লক্ষীমপুৰ , লালুক)
Breaking
- তিনিচুকীয়াত কংগ্ৰেছে প্ৰক্ষেপ কৰিলে আৰ জে দিৰ প্ৰাৰ্থী, জিলা কংগ্ৰেছৰ বিষয় – ববীয়াৰ দলত্যাগ
- পাঁচ সহস্ৰাধিক সমৰ্থকক লগত লৈ টীয়কৰ কংগ্ৰেছৰ প্ৰাৰ্থী পল্লবী গগৈৰ মনোনয়ন বাবে যাত্ৰা
- আন্তৰাষ্ট্ৰীয় নাৰী দিৱস ২০২১ : স্মৃতি ইৰাণীয়ে এই বিশেষ পোষ্টেৰে নাৰীসকলক ধন্যবাদ জনাইছে
- ডিগবৈ মাৰ্ঘেৰিটাত প্ৰতিদ্বণ্ডী নাই কংগ্ৰেছত, পুনৰ নিশ্চিত বিজয়ৰ দিশে সুৰেন ফুকন : ভাস্কৰ শৰ্মা
- নাওবৈছাত কংগ্ৰেছৰ প্ৰাৰ্থী ভৰত চন্দ্ৰ নৰহ, এক অনাকাংক্ষিত ঘটনা
- নাজিৰাত ভেকচিনৰ পাছতো চবকা ৰোগত আক্ৰান্ত শ শ পশুধন
- মাজবাটত হোণ্ডা গাড়ীসহ ১৩২ কেজি ভাং জব্দ দ্ৰাইভাৰৰ পলায়ন
- শ্ৰীৰামপুৰত দ্ৰোণাচাৰ্য ইংলিছ মিডিয়াম স্কুলৰ উদ্বোধন
- বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কংগ্ৰেছ গমণ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ
- দিকৰাই প্ৰাথমিক বিদ্যালয়ত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান : সহকাৰী শিক্ষক গোলাপ বৰাইকক বিদায় সম্বৰ্দ্ধনা