Breaking

পিতৃতকৈ পুত্ৰ অধিক ব্যস্ত, পুত্ৰ আৰিয়ানৰ বিষয়ে এইদৰে মন্তব্য কৰি গ্ৰন্থ উন্মোচন কৰিলে গৌৰী খানে…

0 67

শ্বাহৰুখ খানতকৈ পুত্ৰ অধিক ব্যস্ত বুলি মন্তব্য কৰে মাতৃ গৌৰী খানে। গৌৰী খানে তেওঁৰ নতুন কফি টেবুল বুক উন্মোচনৰ সময়ত কয় যে আৰিয়ান খানৰ পৰা সময় লোৱাটো অতি কঠিন। শেহতীয়াকৈ গৌৰী খানে তেওঁৰ নতুন কফি টেবুল কিতাপ ‘মাই লাইফ ইন এ ডিজাইন’ উন্মোচন কৰিছে। এই গ্ৰন্থখনত গৌৰীৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ কেৰিয়াৰৰ বিষয়ে কোৱা হৈছে। এই গ্ৰন্থখনত তেওঁৰ ঘৰ ‘মন্নত’ৰ ভিতৰৰ ছবিৰ লগতে গৌৰীৰ সমগ্ৰ পৰিয়াল অৰ্থাৎ শ্বাহৰুখ, আৰিয়ান, সুহানা আৰু আব্ৰামৰ কিছু অদৃশ্য ফটোও আছে। গৌৰীয়ে কয় যে তেওঁৰ প্ৰজেক্ট ‘মন্নত’ তেওঁৰ অন্যতম প্ৰিয় প্ৰজেক্ট।

এই অনুষ্ঠানৰ সময়ত গৌৰীয়ে প্ৰকাশ কৰে যে তেওঁৰ পুত্ৰ আৰিয়ান খানৰ সময় নাই। দেউতাক শ্বাহৰুখ খানতকৈও ব্যস্ত। আৰিয়ান খান বৰ্তমান প্ৰথমখন ৱেব চিৰিজ পৰিচালনাত ব্যস্ত। এই ৱেব ছিৰিজৰ জৰিয়তে আৰিয়ানে প্ৰথমবাৰৰ বাবে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিব। একে সময়তে গৌৰী খানৰ ‘মাই লাইফ ইন এ ডিজাইন’ নামৰ গ্ৰন্থখন উন্মোচনৰ সময়ত তেওঁ শ্বেয়াৰ কৰিছিল ‘মন্নত’ৰ এক কাহিনী।

Leave A Reply