Breaking

Surprise gift : মাতৃৰ ডিঙিত সোনৰ চেইন পিন্ধাই পুত্ৰই দিলে ছাৰপ্ৰাইজ। চাওক আইৰ চকুৰ সেই সুখজেউতী।

0 67

সন্তানক ডাঙৰ-দীঘল কৰিবলৈ পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰে। সকলোৱে বিচাৰে নিজৰ সন্তানে নিজৰ ভৰিৰ ওপৰত থিয় হওক, সফল হওক। জীৱনৰ এটা অধ্যায় পাৰ হোৱাৰ পিছত সন্তানক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠে পিতৃ-মাতৃৰ জগতখন। নিজৰ সকলো চখ বাদ দি পিতৃ-মাতৃয়ে সন্তানৰ চখ পূৰণ কৰে। সেই সন্তানে যেতিয়া ডাঙৰ হৈ পিতৃ-মাতৃৰ চখ পূৰণ কৰে, তাতকৈ ভাল মুহূৰ্ত আৰু একো হ’ব নোৱাৰে।

এগৰাকী মাতৃয়ে ঘৰৰ মজিয়াত বহি সকলোৰে বাবে খাদ্য যোগাৰ কৰি আছিল। পুত্ৰই পিছফালৰ পৰা মনে মনে আহি মাকৰ ডিঙিত সোণৰ চেইন এডাল পিন্ধাই দিলে। সন্তানৰ পৰা এনে উপহাৰ পাই মাক আচৰিত হৈ পৰে। মাতৃগৰাকীৰ চকুৱে-মুখে বিয়পি পৰে সুখৰ হাঁহি। শেহতীয়াকৈ এনে এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোৰ কেপচনত লিখা আছিল, “সৰু উপহাৰ এটা মাৰ বাবে।” সৰুৰে পৰা মাতৃগৰাকীয়ে কষ্ট কৰি পুত্ৰক ডাঙৰ-দীঘল কৰিছিল। নিজৰ বাবে একো চিন্তা কৰা নাছিল। সেই ল’ৰাটোৱে যেতিয়া স্বাধীন হৈ নিজৰ উপাৰ্জনেৰে উপহাৰ আনিছিল তেতিয়া মাতৃগৰাকীৰ হৃদয়ত এক স্বৰ্গীয় অনুভূতিয়ে আৱৰি ধৰিছিল। পুত্ৰই দিয়া ছাৰপ্ৰাইজত মাতৃ বাকৰুদ্ধ হৈ পৰিছে। 

Leave A Reply