শত্ৰুঘ্ন সিনহা আৰু পুনম সিনহাৰ কন্যা সোনাক্ষী সিনহাৰ বিয়া। নিজৰ সংগীক বাছি লৈছে সোনাক্ষীয়ে। জহীৰ ইকবাল আৰু সোনাক্ষী সিনহাৰ বিবাহৰ পূৰ্বে কওঁ সোনাক্ষী সিনহাই কাৰ লগত এতিয়ালৈকে প্ৰেমৰ সম্পৰ্ক ৰাখিছে। ২৩ জুনত প্ৰেমিক জহীৰ ইকবালৰ সৈতে বিয়া সোণাক্ষীৰ। বিয়াৰ আগৰ সোনাক্ষী সিনহাৰ প্ৰেম জীৱনৰ কথা জানো আহকঃ

প্ৰথম নাম আহে অৰ্জুন কাপুৰৰ। অৰ্জুন আৰু সোনাক্ষীয়ে ‘তেৱৰ’ ছবিখনত একেলগে কাম কৰিছিল। তাৰ পিছত দুয়োৰে ডেটিং, অৱশেষত বিচ্ছেদ। কিন্তু মন কৰিবলগীয়া যে সোনাক্ষী আৰু অৰ্জুনে এইবোৰ কথা কেতিয়াও নিশ্চিত কৰা নাছিল।
‘আৰ ৰাজকুমাৰ’ ছবিখনত শ্বাহিদ কাপুৰ আৰু সোনাক্ষী সিনহাৰ যুটি হিট হৈছিল। ছবিখনৰ পিছত দুয়োৰে নাম চৰ্চালৈ আহিছিল।
খবৰ অনুসৰি সোনাক্ষী সিনহা দীৰ্ঘদিন ধৰি বাণ্টী সাজদেহৰ সৈতে সম্পৰ্কত আছিল। কোৱা হয় যে ২০১২ চনৰ পৰা দুয়োৰে ডেটিং আৰম্ভ হৈছিল।বাণ্টী হৈছে সোহেল খানৰ প্ৰাক্তন পত্নী সীমা সাজদেহৰ ভাতৃ। অৰ্থাৎ এসময়ত তেওঁলোকৰ সম্পৰ্ক ছলমান খানৰ পৰিয়ালৰ সৈতে জড়িত আছিল। দুয়োৰে মাজত সকলো ভাল আছিল যদিও হঠাতে ব্ৰেকআপ হ’ল।
সোণাক্ষী সিনহাৰ নাম চিনেমাৰ পৰিচালন পৰিচালক আদিত্য শ্ৰফৰ সৈতেও জড়িত হৈ আছে।