Breaking

কোটি টকা খৰচ কৰি পুত্ৰৰ নাম ৰাখিলে সোণম কাপুৰে, জানক অভিনেত্ৰীগৰাকীৰ পুত্ৰৰ নাম

0 166

বলীউডৰ চিৰসেউজ অভিনেতা অনিল কাপুৰক চিনি নোপোৱা ভাৰতীয় এজন বিচাৰি পোৱাটো কঠিন। মিষ্টাৰ ইণ্ডিয়া নামৰ এই অভিনেতাজনে ৬৫ বছৰ বয়সতো যেন বাৰ্ধক্যৰ ভাবটো নোহোৱা কৰি পেলাইছে। তেওঁক চাই সঁচাকৈয়ে বুজিব নোৱাৰি, তেওঁৰ বয়স ৬৫ বছৰ স্পৰ্শ কৰিছে। কিছুমানে ভাবে যে অভিনেতাজনৰ বয়স এতিয়াও ৪০ বছৰ হোৱা নাই। এই চিৰসেউজ অভিনেতাগৰাকীয়ে বলীউডৰ বহু হিট ছবিত অভিনয় কৰিছে। হিন্দী চিনেমাৰ জগতলৈ তেওঁৰ অৱদান সঁচাকৈয়ে অনস্বীকাৰ্য। কিন্তু আজিৰ প্ৰতিবেদন অনিল কাপুৰক লৈ নহয়, তেওঁৰ কন্যা সোণম কাপুৰক লৈহে।

সোণম কাপুৰ নিজেই এগৰাকী ডাঙৰ বলীউডৰ অভিনেত্ৰী। কেইবাখনো হিন্দী চিনেমাত কাম কৰি ভাৰতীয় দৰ্শকৰ মাজত প্ৰিয় হৈ পৰিছে। ছ’চিয়েল মিডিয়া আৰু বলীউডৰ বিভিন্ন চিনেমাত কৰা কামেৰে প্ৰায় সদায়েই লাইমলাইটত থাকে সোণম। দৰাচলতে কিছুদিন পূৰ্বে মাতৃ হৈ সন্তান জন্ম দিছিল সোণম কাপুৰে।

শেহতীয়াকৈ তাই নিজৰ সন্তানৰ নামকৰণৰ বাবে শিৰোনাম দখল কৰিছে। তেওঁৰ সন্তানৰ নামকৰণ অনুষ্ঠানত তেওঁ ব্যয় কৰিছিল কোটি কোটি টকা। আৰু সেই সন্দৰ্ভত ছচিয়েল মিডিয়াত চৰ্চা চলিছে। কিন্তু সোণম কাপুৰে পুত্ৰৰ নাম কি ৰাখিছিল জানেনে? জানিব পৰা মতে সোণম কাপুৰে তেওঁৰ পুত্ৰৰ নাম ৰাখিছে বায়ু কাপুৰ আহুজা। বলীউডৰ অভিনেত্ৰীগৰাকীয়ে দেৱতাৰ সৈতে সামঞ্জস্য ৰাখি বায়ু নামটো বাছি লৈছিল। ইণ্টাৰনেটৰ জগতত সেই সন্দৰ্ভত চৰ্চা চলিছে।

Leave A Reply